ঢকুৱাখনাত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ লেবৰটৰীৰ...

ঢকুৱাখনাত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ লেবৰটৰীৰ...

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ যুগ যুগ ধৰি পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসকৰ অভাৱে ঢকুৱাখনাবাসীক অবৰ্ণনীয় যন্ত্ৰণা ভোগাই আহিছে। ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় এখন আছে ঠিকেই। প্ৰয়োজনত এইখন একমাত্ৰ চৰকাৰী চিকিৎসালয়ত উপলব্ধ নহয় বিশেষজ্ঞ চিকিৎসক।

পৰিণতিত সুদীৰ্ঘ বছৰ ধৰি বিশেষজ্ঞ চিকিৎসকৰ প্ৰাপ্য চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে মহকুমাৰ ৰোগাক্ৰান্ত। অথচ এনেবোৰ ৰজাঘৰীয়াৰ তিলমানো গুৰুত্ব নাই। চৰকাৰী খণ্ডৰ স্বাস্থ্য বিভাগৰ এনে লাও লোৱা অৱস্থাৰ বিপৰীতে ঢকুৱাখনাৰ ৰোগাক্ৰান্ত বহু সময়ত আশ্ৰয় লব লগা হয় ব্যক্তিগত খণ্ডৰ ফাৰ্মাচীৰ।

শেহতীয়া ভাবে এনে এখন ব্যক্তিগত ফাৰ্মাচীত ৰোগীৰ ৰক্ত পৰীক্ষা সম্পন্ন কৰি এক সমস্যাৰ সন্মুখীন হব লগা হোৱাৰ এক অভিযোগ উথাপিত হৈছে। অভিযোগ মতে এগৰাকী প্ৰায় ৯ বছৰীয়া কিশোৰৰ জ্বৰ হৈ থকাত ৰক্ত পৰীক্ষাৰ (ৱাইডেল টেষ্ট) বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰোগীক লৈ ২০ মে'ত ঢকুৱাখনা নগৰৰ কৃষ্ণা ডায়গনষ্টিক এণ্ড আলট্ৰাচাউণ্ড চেণ্টাৰত উপস্থিত হৈছিল।

ফাৰ্মাচীখনৰ লেবৰটৰীত ৰোগীৰ ৰক্ত নমুনা সংগ্ৰহৰ পাছত পৰীক্ষা কৰি ৰোগীক প্ৰদান কৰা এই "ৱাইডেল" পৰীক্ষাৰ ৰিপৰ্ট "ৰিএক্তিভ" হিচাবে আহে। লেবৰেটৰীটোৰ পেথল'জিষ্ট ডাঃ এ ভূঞাই প্ৰদান কৰা ৰিপৰ্টকলৈ অভিভাৱকে ৰোগীক কোনো দৰব খাবলৈ নিদিয়াকৈ পাছদিনাই অৰ্থাৎ ২১ মে'ত লখিমপুৰলৈ গৈ বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপে।

চিকিৎসকৰ পৰামৰ্শ মতে পুনৰ এটা লেবৰেটৰীত এই "ৱাইডেল টেষ্ট"কৰাৰ পাছত ৰিপৰ্ট "নিগেটিভ" আহে । কোনোধৰণৰ দৰৱ গ্ৰহণ নকৰাকৈ নিশাটোৰ ভিতৰতে এন দুটা বিপৰীত ধৰ্মী ৰিপৰ্ট লাভ কৰি স্তম্ভিত হয় অভিভাৱক।বিষয়টো লখিমপুৰৰ শিশু ৰোগ বিশেষজ্ঞক প্ৰদৰ্শন কৰাত চিকিৎসকো এনে কাণ্ডত হতভম্ব হয়।

ৰোগীয়া কিশোৰৰ ঢকুৱাখনাত কৰা ৰক্ত পৰীক্ষাৰ ৰিপৰ্টৰ দৰৱ ব্যৱহাৰ কৰিলে কি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল হয় তাক ভাবি উদ্বিগ্ন অভিভাৱক। নিশাটোৰ ভিতৰতে এনে বিপৰীত ধৰ্মী ৰিপৰ্ট দেখি বাস্তৱিকতে চিকিৎসা ব্যৱস্থাৰ নামত ঢকুৱাখনাত এক প্ৰহসনৰাজ চলি আছে বুলি মন্তব্য কৰে ৰোগীৰ অভিভাৱকে।

ভৱিষ্যতৰ দিনত যাতে অন্য ৰোগীৰ ক্ষেত্ৰত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে অভিভাৱক সচেতন হোৱাৰ আহ্বান ভুক্তভোগীৰ। এতিয়া প্ৰশ্ন উথাপিত হৈছে বাস্তৱিকতে ৰোগীৰ জীৱনকলৈ এনেবোৰ লেবৰটৰীয়ে হেতালি খেলিছে নে এনে ঘটনা স্বাভাৱিক ? ইপিনে ঢকুৱাখনাৰ লেবৰটৰী কৰ্তৃপক্ষই এয়া স্বাভাৱিক প্ৰক্ৰিয়া বুলি মন্তব্য কৰিছে । 

ঢকুৱাখনাৰ লেবৰেটৰীৰ ৰিপৰ্ট শুদ্ধ আৰু সত্য বুলি দাবী কৰি কৰ্তৃপক্ষই ৰোগীক প্ৰদান কৰা "ৱাইডেল টেষ্ট"ৰ ৰিপৰ্ট ক্ৰুটিপূৰ্ণ হোৱাৰ কথা দৃঢ়তাৰে অস্বীকাৰ কৰিছে। কিন্তু এগৰাকী ৰোগীৰ একে পৰীক্ষাৰ এদিনৰ পাছত দুটা ৰিপৰ্ট পোহৰলৈ অহাৰ পাছত সাধাৰণ ৰাইজে ভাবিবলৈ বাধ্য হৈছে ৰোগীৰ জীৱনকলৈ আচলতে কোনে হেতালি খেলিছে ?

ঢকুৱাখনাত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ লেবৰটৰীৰ...
ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in