/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/814fb030-45dc-49d5-ae32-093789f52278/7.jpg)
ডিজিটেল সংবাদ, মায়ংঃ সৰ্বভাৰতীয় নিট পৰীক্ষাত মায়ঙত উজ্বলিল লাবিব আতহাৰ ছিদ্দিকি। গুৱাহাটীৰ এফিনিটি ক্লাছ নামৰ কোচিং চেন্টাৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন। লাবিবে মায়ং শংকৰদেৱ শিশু নিকেতনৰ পৰা ২০২০ চনত মেট্ৰিকত ৯৬% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাঠশালাৰ আনন্দ ৰাম বৰুৱা একাডেমীত নাম ভৰ্তি কৰিছিল। যোৱা বছৰ নিট পৰীক্ষাত বহিছিল যদিও সামান্য নম্বৰৰ বাবে সফল হব নোৱাৰিলে। এইবাৰ আকৌ মনৰ দৃঢ়তা আৰু আত্মবিশ্বাস লৈ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হয়।
মায়ঙৰ লোনমাটিত এটা সৰু জুপুৰি ঘৰ ভাৰাত লৈ থকা পিতৃ-মাতৃৰ সৈতে থাকি সৰুৰে পৰাই অধ্যয়ন কৰি আহিছিল লাবিবে। অত্যন্ত মেধা আৰু অমায়িক স্বভাৱৰ লাবিবৰ এই সাফল্যই আজি পিতৃ মাতৃক যথেষ্ট সুখ আৰু আনন্দ দিছে। উল্লেখযোগ্য যে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ৰফিকুল ইছলাম আৰু গৃহিণী মাতৃ লাইলা আৰ্জু মজুমদাৰৰ পুত্ৰ লাবিব।
পুত্ৰৰ এই সাফল্যত ১৯ বছৰে বিনা বেতনত চাকৰি কৰা আৰু ২০২১ চনত কলেজ শিক্ষকৰ চাকৰি নিয়মিত হোৱা অধ্যাপক হোৱা ৰফিকুল ইছলাম আৰু মাতৃৰ লগতে পৰিয়ালৰ মাজত আনন্দৰ বন্যা বৈছে। মায়ঙৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও অভিনন্দন জনাইছে লাবিবক। লাবিবৰ সৰু ভাতৃ ৰাহাত আমান ছিদ্দিকেও এইবাৰ মায়ঙৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা ৯১% নম্বৰ লৈ গুৱাহাটীৰ লুনমাটি অসম জাতীয় বিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে।
Also Read: পথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন চৰাইদেউৰ মৃদুপৱন সন্দিকৈৰ...