/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3224d9ba-f87f-46a2-9b84-6b1a99a11756/6.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ শাওনৰ পথাৰত ধান খেতিৰ বাবে কৃষকসকলে বহু কষ্টকৰি কঁঠীয়া সিঁচা, হাল বোৱা, মৈ টনা, আলি দিয়া আদি কাৰ্য সমাপন কৰিব লগা হয়৷ বাকী কামসমূহ যন্ত্ৰৰ দ্বাৰা পৰিচালিত হয় যদিও অসমৰ পথাৰত বৰ্তমানলৈকে আলি দিয়া কাৰ্য যন্ত্ৰৰ দ্বাৰা পৰিচালিত হোৱা নাই৷
শেহতীয়াকৈ কৃষকৰ পথাৰৰ আলি দিয়া কাৰ্যত সহায় হোৱাকৈ এক যন্ত্ৰ সাজি উলিয়াই চমক সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ এঙেৰা অঞ্চলৰ মৃদুপৱন সন্দিকৈ নামৰ যুৱকজনে ৷ তেওঁ পথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন কৰি অসমৰ কৃষকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ অভাৱেই আবিষ্কাৰৰ মূল বুলি কোৱা কথাষাৰকে সাৰোগত কৰি যুৱকজনৰ চিন্তাই পূৰ্ণতা লাভ কৰিলে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4041fdeb-65f4-4186-9be0-06837615a0f2/467d648a-fc75-481a-b0ee-45b33c9817e3.jpg)
এইবাৰ তেওঁ উদ্ভাৱন কৰা আলি দিয়া যন্ত্ৰবিধে পথাৰত আলি দিয়া কাম আৰম্ভ কৰিছে ৷ দৈনিক ৪০ বিঘাকৈ পথাৰত আলি দিব পাৰিব এই যন্ত্ৰ সহায়ত৷ অত্যাধুনিক প্ৰযুক্তিৰে নিজ কাৰখানত তৈয়াৰ কৰা এই যন্ত্ৰটি লৈ যথেষ্ট আশাবাদী মৃদুপৱন সন্দিকৈ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/59b2f976-5780-4246-9740-24f52551b6c9/f1e1836e-9c3b-499d-90f9-5daacb0dac53.jpg)
কৃষিকৰ্মক এক লাভজনক বৃত্তি হিচাপে গঢ়ি তুলিবলৈ তেওঁ এই সঁজুলি তৈয়াৰ কৰিছে। তেওঁ উদ্ভাৱন কৰা এই সঁজুলি বিধে আগন্তুক দিনত ধান খেতি উৎপাদন বৃদ্ধিৰ লগতে কৃষকসকলৰো উপাৰ্জন বৃদ্ধিত সহায় কৰিব।খেতিপথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন কৰি যুৱকগৰাকী বৰ্তমান ব্যাপক চৰ্চা লাভ কৰা লগতে মৃদুপৱনৰ এই সফলতাক এতিয়া সকলোৱে আদৰণি জনাইছে l
Also Read: 'জয়, পৰাজয় ৰাজনীতিৰে অংশ, হতাশ হলে নচলিব': পৰাজিত মন্ত্ৰীক মোডীৰ সান্তনা...