ইন্দ্ৰাণী তহলবিদাৰ কাণ্ডৰ অন্যতম অভিযুক্ত কুলদীপ দাসক গ্ৰেপ্তাৰ

ইন্দ্ৰাণী তহলবিদাৰ কাণ্ডৰ অন্যতম অভিযুক্ত কুলদীপ দাসক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ইন্দ্ৰাণী তহলবিদাৰ কাণ্ডৰ অন্যতম অভিযুক্ত কুলদীপ দাসক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ ইন্দ্রাণী তহবিলদাৰ আত্মহননৰ গোচৰত আন এক অভিযুক্তক গ্রেপ্তাৰ কৰিছে। নিশা চানমাৰি আৰক্ষীয়ে পলাতক কুলদ্বীপ দাসক গ্রেপ্তাৰ কৰে।ইন্দ্রাণী কাণ্ডৰ অশ্লীল ভিডিঅ’ ভাইৰেলৰ অভিযোগত অভিযুক্ত আছিল কুলদ্বীপ।

Advertisment

২০২৩চনৰ আগষ্টত সংঘটিত হৈছিল বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনা। অনুৰাগ চলিহাৰ সৈতে ইন্দ্ৰাণীৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। মহানগৰীৰ বামুণীমৈদামৰ বাসগৃহত আত্মহত্যা কৰিছিল ইন্দ্রাণী তহবিলদাৰে। উক্ত ঘটনাৰে নাম সাঙোৰ খাইছিল কুলদীপৰ। তেতিয়াৰ পৰাই পলাতক হৈ আছিল কুলদীপ।

উল্লেখযোগ্য যে ইন্দ্ৰাণীৰ আত্মহত্যাৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল ৪জনকৈ লোক। গ্ৰেপ্তাৰ হৈছিল অনুৰাগ চলিহা, দ্বিবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই কাণ্ডৰ অন্যতম অভিযুক্ত কুলদীপ দাসক।

উল্লেখ কৰা প্ৰয়োজন যে ইন্দ্ৰাণীৰ আত্মহত্যাই বিজেপিৰ ভিতৰচ'ৰাত তোলপাৰ লগোৱাৰ সমান্তৰালভাৱে উন্মোচিত কৰিছিল ৰাজ্যত চাকৰিৰ নামত হোৱা ব্যাপক কেলেংকাৰীৰ তথ্য। 

সেই কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছিল অসীমজ্যোতি চক্ৰৱৰ্তী আৰু তৃষ্ণা শৰ্মা। কিন্তু দুমাহৰ পিছতো সমগ্ৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছিল দুয়ো।

Also Read: শিৱসাগৰত উল্কাপিণ্ডক লৈ আলোড়ন : টুকুৰা টুকুৰ কৰি লৈ গ’ল তিনি বিশ্ববিদ্যালয়ে

chandmari police indrani tahbildar suicide case