ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰত ৮ টা দিনৰ পূৰ্বে আকাশৰ পৰা খহি পৰা উল্কাপিণ্ডক লৈ তুমুল আলোড়নৰ সৃষ্টি হৈছে ৷ এই উল্কাপিণ্ডৰ সন্দৰ্ভত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীয়ে গৱেষণা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও মহাকাশ গৱেষণা বিজ্ঞানীৰ আগমনৰ পূৰ্বেই অসমৰ তিনিখন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকে ভাঙি টুকুৰাটোৰ কৰি লৈ যোৱা এক বিষয়ক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
উল্লেখ কৰাৰ প্ৰয়োজন যে মহাকাশ ৰহস্যৰে ভৰপূৰ ৷ প্ৰতিটো সময়তেই সংঘটিত মহাজাগতিক ঘটনা পৰিঘটনাই পৌৰাণিক কালৰে পৰা মানুহৰ মনত কৌতূহলৰ সৃষ্টি কৰি আহিছে ৷ সৌৰ ধুমুহা, ইউ এফ অ আদিৰ ৰহস্য উদ্ঘাটন কৰাৰ বাবে বিজ্ঞানীসকলে সুদীৰ্ঘকাল প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
বিশ্বৰ ভালেসংখ্যক দেশৰ বিজ্ঞানীয়ে মহাকাশৰ ৰহস্য গ্ৰহ, নক্ষত্ৰ তথা উল্কাৰ ৰহস্য উদ্ঘাটনৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ মহাকাশৰ ৰহস্য ভেদ কৰাৰ বাবে বিশ্বৰ আগশাৰীৰ দেশে প্ৰতিবছৰেই বুজন পৰিমাণৰ ধন ব্যয় কৰি আহিছে ৷ ইখনৰ পিছত সিখনকৈ নিৰ্মাণ কৰিছে মহাকাশ যান ৷ মহাকালৈ নিক্ষেপ কৰিছে ইটোৰ পিছত সিটো কৃত্ৰিম উপগ্ৰহ ৷ আনকি মহাকাশ বিজ্ঞানীয়ে মহাকাশত থিতাপি লৈ ব্যস্ত হৈছে গৱেষণাত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-10/6y0w8wpf/b5e5b136-cdc3-49f6-a294-6c0af515cf98.jpg)
মহাকাশৰ পৰা ছিটিকি অহা উল্কাপিণ্ডই বিজ্ঞানীসকলক বহু অজান তথ্য সন্ধান দিব পাৰে ৷ মহাকাশৰ পৰা খহি পৰা ধাতৱ পদাৰ্থ বাস্তৱত কোন গ্ৰহ, নক্ষত্ৰ, ধুমকেতু বা উল্কাৰ হয়, এই পদাৰ্থত কি কি মিশ্ৰিত হৈ থাকে, বীজাণু কিম্বা বেক্টেৰিয়াৰ অৱস্থিত আদিৰ দিশ পোহৰলৈ অনাৰ বাবে মহাকাশ বিজ্ঞানীৰ গৱেষণা অতীব প্ৰয়োজন ৷ দক্ষিণ আফ্ৰিকাকে ধৰি বিশ্বৰ কেইবাখনো দেশে উল্কাপিণ্ড সংৰক্ষিত কৰাৰ সমান্তৰালকৈ গৱেষণা অব্যাহত ৰাখিছে ৷
কিন্তু শিৱসাগৰত আকাশৰ পৰা ছিটিকি পৰা ধাতৱ পদাৰ্থ মহাকাশ বিজ্ঞানীৰ পৰামৰ্শৰ অবিহনে এনেদৰে খৰখেদাকৈ (উল্কাপিণ্ড) ভাঙি লৈ যোৱা বিষয়টো জনসাধাৰণে সহজভাৱে ল’ব পৰা নাই ৷
উল্লেখ্য যে শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১২কিলোমিটাৰ নিলগৰ কোঁৱৰপুৰ মৌজাৰ বলিয়াঘাটৰ দ্বিজেন কাকতি ওৰফে বাবু কাকতি নামৰ ব্যক্তিগৰাকীৰ ঘৰত যোৱা ২ ছেপ্টেম্বৰৰ দিনা মহাকাশৰ পৰা এটুকুৰা উল্কাপিণ্ড সৰি পৰিছিল। সেই সময়ত দ্বিজেন কাকতিয়ে ঘৰৰ পিছফালে গা ধুই আছিল ৷ তেনেতে আকাশৰ পৰা প্ৰচণ্ড বেগত এটা শিলাখণ্ড পকাত পৰি কাষতে থকা এডোঙা পানীত ছিটিকি পৰে ৷
শিলাখণ্ডটো পানী ডোঙাত বহু সময় ঘূৰি থকাৰ লগতে পানীডোঙা বকবককৈ উতলিবলৈ ধৰে। যাৰ বাবে শিলাখণ্ড অত্যন্ত গৰম অৱস্থাত থকা বুলি ব্যক্তি গৰাকী নিশ্চিত হয়। পানীত ছিটিকি পৰাৰ কেবাঘণ্টাৰ মূৰকতহে শিলাখণ্ডটো চেঁচা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-10/cydntxiz/95c8f8be-a3fc-4f86-ab2e-92d58b5800b3.jpg)
ব্যক্তিগৰাকীয়ে পানীৰ পৰা গৰম ধোঁৱা ওলোৱা বন্ধ হোৱাৰ পিছত শিলাখণ্ডটো পানীৰ পৰা তুলি আনে আমাৰ ভূখণ্ডত সাধাৰণতে দেখিবলৈ পোৱা শিলৰ লগত তিলমানো মিল নথকাত সযতনে ৰাখাৰ ব্যৱস্থা কৰে ৷
ইফালে আকাশৰ পৰা উত্তপ্ত অৱস্থাত দিনদুপৰতে শিলাখণ্ড পৃথিৱীৰ বুকুত পৰাৰ খবৰ বিয়পি পৰা বিষয়টোৱে সমগ্ৰ অঞ্চলটোত আলোড়নৰ সৃষ্টি কৰে ৷ শ শ লোক দ্বিজেন কাকতিৰ ঘৰত উপস্থিত হৈ শিলাখণ্ড প্ৰত্যক্ষ কৰি মহাকাশৰ পৰা পৰা পৰা উল্কাপিণ্ড বুলি ধাৰণা কৰে ৷
ইফালে প্ৰতিভাসম্পন্ন লেখক নবীন বুঢ়াগোঁহাইয়ে আকাশৰ পৰা খহি পৰা শিলাখণ্ডটোৰ ভালেসংখ্যক ফটো তুলি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰোৰ বিজ্ঞানীলৈ প্ৰেৰণ কৰি বিষয়টো অবগত কৰে ৷ ইছৰোৰ বিজ্ঞানীয়ে তাৎক্ষণিকভাৱে এই শিলাখণ্ডটো উল্কাপিণ্ড বুলি স্পষ্ট কৰি দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-10/2d4or9gj/3ac56976-7b5c-407e-9a00-19d596ed0e42.jpg)
উল্লেখ্য যে মহাকাশৰ পৰা শিৱসাগৰত উল্কাপিণ্ড খহিপৰা ঘটনা এয়াই প্ৰথম ৷ প্ৰায় ৮ ইঞ্চি দৈৰ্ঘ্য আৰু প্ৰস্থৰ এই শিলাখণ্ডটোৰ ওজন পৃথিৱীত থকা সমান আকাৰৰ শিলাখণ্ডৰ ওজনতকৈ বহু বেছি। পাতল ইটা বৰণৰ উল্কাপিণ্ডটো ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীয়ে গৱেষণাৰ বাবে সংগ্ৰহৰ পোষকতা কৰিছিল ৷ আনকি এনে উদ্দেশ্যে ইছৰোৰ বিজ্ঞানী অচিৰেই শিৱসাগৰলৈ আহিব বুলি ব্যক্ত কৰিছিল ৷
এই খবৰ বিভিন্ন মাধ্যমত বিয়পি পৰাৰ পিছতেই অসমৰ তিনিখন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ কেইগৰাকীমান অধ্যাপক বলীয়াঘাটৰ দ্বিজেন কাকতিৰ ঘৰত উপস্থিত হৈ উল্কাপিণ্ডটো পৰীক্ষা কৰে ৷ তেওঁলোকে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীৰ আগমনলৈ অপেক্ষা নকৰি উল্কাপিণ্ডটো টুকুৰাটোৰ কৰি কেউখন বিশ্ববিদ্যালয়ৰ দলে একোটা একোটা টুকুৰা লৈ যায় ৷ সম্প্ৰতি উল্কাপিণ্ডটোৰ অৱশিষ্ট টুকুৰা দ্বিজেন কাকতিৰ ঘৰত আছে ৷
ইছৰোৰ বিজ্ঞানী উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ পৰামৰ্শ অনুসৰি উল্কাপিণ্ডটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাক জনসাধাৰণে দোহাৰিছিল যদিও বিশ্ববিদ্যালয় কেইখনৰ অধ্যাপকসকলে সাতুৰি বটালী মাৰি উল্কাপিণ্ড টুকুৰাটোৰ কৰাত জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷