/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/33feec02-d829-4635-9061-2bf7ca2b9275/Kridhnachura.jpg)
ডিজিটেল ডেস্ক : ঋতুৰ সমান্তৰালভাবে প্ৰকৃতিয়ে সলাই বৰণ। ৰাজ্যৰ চৌদিশে সময়ে সময়ে ফুলি উঠা ফুলবোৰে দৃষ্টি আকৰ্ষণ কৰে পথচাৰীৰ। ফাগুনৰ আকাশত জুই লগোৱা মদাৰ-পলাশৰ পৰা আৰম্ভ কৰি ব'হাগ-জেঠত ঘাইপথবোৰৰ দুয়োকাষে শাৰী-শাৰী কৈ ফুলি উঠা নাহৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, আজাৰ আদিয়ে মোহিত কৰে প্ৰতিজন লোকক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/275f39df-eeb7-44d1-b446-e2cab17a824c/WhatsApp_Image_2023_05_16_at_12_06_05_PM.jpeg)
প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ বাবেই পৰিচিত হৈ পৰে বহু ঠাই। বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশো বহু সময়ত চৰ্চিত হয় প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ বাবেই। ৰাষ্ট্ৰীয় উদ্যানখনত ফুলি উঠা ফুলবোৰে আকৰ্ষণ কৰে পৰ্যটকক। প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মোহিত হৈয়ে মানুহেও গঢ়ি তুলিবৰ চেষ্টা কৰে প্ৰাকৃতিক সৌন্দৰ্য। যাৰ বাবে চৰকাৰী কাৰ্যালয় অথবা বিশ্ববিদ্যালয়ৰ চৌহদসমূহ পৰিচিত হৈ পৰে বিশেষ নামেৰে। যিদৰে কৃষ্ণচূড়াৰ দেশ হিচাপে পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয়, নাহৰৰ দেশ হিচাপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়। আনহাতে এটা সময়ত উজনিৰ ঘাইপথ সমূহত শাৰী-শাৰী কৈ ফুলি উঠে আজাৰ-সোণাৰু। যাৰ বাবে ঢাপলি মেলে প্ৰকৃতি প্ৰেমী বহুলোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3675b000-b291-4d3c-b31f-969e57254449/WhatsApp_Image_2023_05_16_at_12_06_09_PM.jpeg)
ব'হাগক বিদায় দি জেঠত ভৰি দিয়া অসমৰ চৌপাশ এতিয়া ৰঙীন। ফাগুণত প্ৰকৃতিয়ে খুলি দিয়া আৱৰণ খনিক ন-সাজেৰে সজাই তোলাৰ প্ৰস্তুতি চলে ব'হাগতেই। চ'তৰ দবাপিতা বৰষুণ পিছত চোকা ৰ'দৰ পৰশ পাই ব'হাগত পুনৰ ন-সাজ পিন্ধে প্ৰতিজোপা গছে। এইয়া প্ৰকৃতিৰ নিয়ম। নতুন বছৰ যেতিয়া ন-সাজ পিন্ধিবই লাগিব। ন-সাজেৰে প্ৰস্তুতি চলাবৈ লাগিব বছৰটোৰ বাবে। আৰু জেঠৰ পৰাই আৰম্ভ হয় ফুল ফুলি গুটি লগাৰ প্ৰক্ৰিয়া। সেয়ে ঋতু অনুযায়ী প্ৰকৃতিয়ে বৰণ সলায়।
প্ৰকৃতিৰ ন-আৱৰণত মুগ্ধ হওঁ আমি। ফাগুনৰ লঠঙা ডাল, আকাশ জ্বলোৱা মদাৰৰ প্ৰেমত পৰা মানুহে প্ৰকৃতিৰ সেউজীয়াত বিলীন নহৈনো কেনেকৈ পাৰে। দোপালপিতা বৰষুণ জাকৰ পিছত চোকা ৰ'দত জিলিকি পৰা বৰষুণৰ কণাবোৰতো প্ৰেমত পৰা মানুহৰ প্ৰিয় এই নাহৰ, মদাৰ, পলাশ, কৃষ্ণচূড়া, ৰাধাচূড়া, আজাৰ আদি গছবোৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4d5bbf44-51e1-429b-9b78-8700f7d0b04b/WhatsApp_Image_2023_05_16_at_2_03_54_PM.jpeg)
ঠিক তেনেকুৱা এজোপা বিশেষ গছৰ বাবে এতিয়া গুৱাহাটী মহানগৰীৰ এটি ব্যস্ত পথ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । গছজোপাই আকৰ্ষণ কৰিছে পথচাৰীক। মহানগৰীৰ এটি ব্যস্তপথৰ দাঁতিত এক বিশেষ চৌহদত থকা গছজোপা এতিয়া প্ৰতিজন পথচাৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পথেৰে পাৰ হৈ যোৱা প্ৰতিজন পথচাৰীয়ে ক্ষন্তেকৰ বাবে ৰৈ গৈছে গছজোপাৰ আকৰ্ষণীয় ৰূপত মোহিত হৈ। মোহনীয় হৈ ফুলি ৰোৱা গছজোপা হৈছে কৃষ্ণচূড়া। কৃষ্ণচূড়া জোপাই যেন জুই লগাইছে আকাশত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ দাঁতিকাষৰীয়া ঠাইত ফুলি উঠা কৃষ্ণচূড়া এতিয়া প্ৰকৃতিপ্ৰেমীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মহানগৰীৰ ব্যস্ত পথ চানমাৰীস্থিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত ফুলা এইজোপা কৃষ্ণচূড়ায়েও আকৰ্ষণ কৰিছে প্ৰতিজনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/350897a4-9b20-4631-8206-fb699a5ac323/WhatsApp_Image_2023_05_16_at_12_06_03_PM.jpeg)
কিছুদিনৰ আগলৈকে এই চৌহদৰ ফালে চকু নোযোৱা পৰিৱেশে বিৰাজ কৰাৰ পিছত কৃষ্ণচূড়াজোপাই পথচাৰীক আকৰ্ষণ কৰিছে চৌহদটিলৈ। ডাল ভৰি ফুলি থকা কৃষ্ণচূড়া জোপাত পাত প্ৰায় নাইয়ে বুলিব পাৰি। পাত-ডালত ফুলৰ আৱৰণ দিয়া কৃষ্ণচূড়া গছজোপাই যেন এতিয়া জুই লগাইছে আকাশত। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ প্ৰৱেশদ্বাৰতেই থকা কৃষ্ণচূড়া জোপাৰ বিপৰীত পাৰে আছে এজোপা ৰাধাচূড়াও। চৌহদটোৰ ভিতৰলৈ সোমাই গ'লেই দুয়োজোপাই যেন আদৰণি জনাই প্ৰতিগৰাকী কৰ্মকৰ্তা তথা অতিথিক। তদুপৰি চৌহদৰ বাহিৰত বিপৰীত দিশত থকা আন এজোপা কৃষ্ণচূড়াও পথাচাৰীক বাৰুকৈয়ে মোহিত কৰে। মাত্ৰ এইয়াই নহয় চৌহদটিত কৃষ্ণচূড়া-ৰাধাচূড়াৰ লগতে আছে সোণাৰু গছো। এইগছবোৰে চৌহদটিলৈ আকৰ্ষণ কৰে প্ৰকৃতিপ্ৰেমীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/56ba22e1-f314-4e5f-9bc4-619db8ef0ef6/WhatsApp_Image_2023_05_16_at_12_06_12_PM__1_.jpeg)
শেহতীয়াকৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ৬৭ টা বৰ্ষ সম্পূৰ্ণ কৰি ৬৮ টা বৰ্ষত ভৰি দিলে। এই বিশেষ ক্ষণত যেন প্ৰকৃতিয়েও চৌহটিলৈ সৌন্দৰ্যতা কঢ়িয়াই আনি অভিনন্দন জনালে প্ৰতিজন কৰ্মচাৰীক। ১৯৫৭ চনত বাতৰিৰ প্ৰথমখন বুলেটিন সম্প্ৰচাৰ কৰা আকাশবাণী গুৱাহাটীৰ ৬৭ বছৰীয়া যাত্ৰাত যেন সংগী হৈ ৰৈছে প্ৰকৃতিও।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/00d1686e-e8d6-4adf-aea9-5192d29bbb18/WhatsApp_Image_2023_05_16_at_12_06_11_PM.jpeg)
এইখিনিতেই উল্লেখ্য যে, ব্যস্ত মহানগৰীৰ ডিভাইডাৰত ফুলি উঠা বহু ফুলেও আকৰ্ষণ কৰে পথচাৰীসকলক। ডিভাইডাৰত চৰকাৰৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা বহু ফুলে মোহাচ্ছন্ন কৰি তোলে প্ৰকৃতি প্ৰেমীক। তদুপৰি এই সময়চোৱাত ৰাজ্যৰ চৌপাশে ফুলি ৰোৱা বিভিন্ন ফুলে মোহতি কৰিছে প্ৰতিজন লোককেই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d2ac1563-c81a-4e53-b1f8-8a8125c9f82a/WhatsApp_Image_2023_05_16_at_1_22_55_PM.jpeg)
Also Read: জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...