জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...

ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷ নগাঁও চহৰৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল জোনমণি ৰাভা ৷ নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত হোৱা এক পথ দুৰ্ঘটনাত নিহত হয় আৰক্ষী বিষয়াগৰাকী
জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...

ডিজিটেল সংবাদ, কলিয়াবৰঃ ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷ নগাঁও চহৰৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল জোনমণি ৰাভা ৷ নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত হোৱা এক পথ দুৰ্ঘটনাত নিহত হয় আৰক্ষী বিষয়াগৰাকী ৷

মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ নিশা প্ৰায় দুই বজাত এখন ট্ৰাকৰ সৈতে জোনমণি ৰাভাই চলোৱা চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাত শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ ঘটনাস্থলীতে নিহত হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৷

জোনমনি ৰাভাই এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ নিজৰ মাৰুতী বাহনখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ কন্টেইনাৰ ট্ৰাকত পুৱতি নিশা ২ বজাত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতেই ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শকগৰাকীৰ।

নিহত এছ আই জোনমণি ৰাভা এগৰাকী সাহসী আৰক্ষী বিষয়া আছিল ৷ নগাঁও আৰক্ষীৰ একাধিক সফল অভিযানৰ আঁৰত আছিল জোনমণি ৰাভা ৷ ড্ৰাগছ ব্যৱসায়ীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছিল এছ আই জোনমণি ৰাভা ৷

জখলাবন্ধাৰ পৰা বিষয়াগৰাকীৰ মৃতদেহটো নগাঁৱত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি কৰ্মৰত আৰক্ষী চকীলৈ লৈ যোৱা হয় ৷ ইয়াৰ পিছতেই উপ-পৰিদৰ্শকগৰাকীৰ মৃতদেহ বাসগৃহলৈ লৈ যোৱা হয় । স্বগৃহলৈ উপ-পৰিদৰ্শকগৰাকীৰ মৃতদেহ লৈ যোৱাৰ পিছতেই অন্তিম সংস্কাৰ কৰা হ'ব । উল্লেখ্য যে, নিহত ৰাভাৰ ঘৰ গোৱালপাৰাত ৷

জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...
কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in