দেশৰ ১০০ টা ছবিগৃহত মুক্তি পাব "কুকি"...

অসমৰ শিল্পীৰে নিৰ্মিত এখন হিন্দী ছবি "কুকি" অহা ২৮ জুনত ৰাজ্যৰ লগতে দেশৰ ১০০ টা ছবিগৃহত মুক্তি লাভ কৰিব। সমান্তৰালকৈ বিদেশতো মুক্তি দিয়া হ'ব ছবিখন ।
দেশৰ ১০০ টা ছবিগৃহত মুক্তি পাব "কুকি"...

ডিজিটেল সংবাদ, মঙলদৈঃ ২৮ জুনত দেশ বিদেশৰ ১০০ খন চিনেমা হলত মুক্তি হ'ব 'কুকি'। 'অসমীয়া কলা সংস্কৃতিৰ সংমিশ্ৰণত নিৰ্মাণ কৰা হৈছে হিন্দী চলচ্চিত্ৰ 'কুকি'। 'কুকি' চলচ্চিত্ৰৰ জৰিয়তে এগৰাকী কিশোৰীৰ নিৰ্মম বাস্তৱ কাহিনী উদ্ভাসিত কৰা হৈছে। নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে প্ৰণৱ জে ডেকাই আৰু প্ৰযোজনা কৰিছে ড৹ জোনমণি দেৱী খাউণ্ডে ।

আচলতে 'কুকি' এক আন্দোলন। এই আন্দোলনত জয়ী হ'ব লাগিলে ন্যায় ব্যৱস্থা কঠোৰ হ'ব লাগিব, প্ৰশাসন যন্ত্ৰ আৰু সমাজৰ সকলো সচেতন হ'ব লাগিব। তেতিয়াহে 'কুকি'য়ে সন্মুখীন হোৱাৰ দৰে অবাঞ্চিত পৰিবেশ পৰিস্থিতিৰ পৰা সকলো কিশোৰী - যুৱতী ৰক্ষা পৰিব।' - এই ভাষ্য হিন্দী চলচ্চিত্ৰ 'কুকি'ৰ কাহিনীকাৰ ডাঃ জুনমণি খাউণ্ডৰ। মঙলদৈ প্ৰেছ ক্লাবত শনিবাৰে 'কুকি' চলচ্চিত্ৰৰ দলটো আহি দৰঙৰ সাংবাদিকৰ লগত হোৱা কথোপকথনত তেওঁ এইদৰে কয়।

অহা ২৮ জুনত অসমকে ধৰি দেশৰ ১০০ টা ছবিগৃহত চলচ্চিত্ৰ খন মুক্তি দিয়া হ'ব। আনহাতে আমেৰিকা, কানাডা, ইণ্ডোনেছিয়া, নেপাল, ফ্ৰান্স আদি দেশৰ চিনেমা হলতো পৰ্যায়ক্ৰমে চলচ্চিত্ৰখন মুক্তি দিয়া হ'ব বুলি ডাঃ জুনমণি খাউণ্ডে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চলচিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ন দেৱ।

চলচ্চিত্ৰখনৰ নাম ভূমিকাত ৰিতিশা খাউণ্ডে অভিনয় কৰা বুলি জনায়। তদুপৰি এই চলচ্চিত্ৰখনত মুম্বাইৰ বিশিষ্ট অভিনেতা ৰাজেশ টাইলাং, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচার্য, দীপান্বিতা শর্মা, বোধিসত্ব শর্মা, বিভূতিভূষণ হাজৰিকা, মনোজ বৰকটকী, মৃগেন্দ্র নাৰায়ণ কোঁৱৰ, কমল লোচন, বনদীপ শর্মা আদিয়ে অভিনয় কৰিছে।

চলচ্চিত্ৰখনৰ চিনেমাট'গ্রাফী জ্ঞান গৌতমৰ, সংগীত পৰিচালনা পল্লব তামুলী আৰু সৌৰভজ্যোতি মহন্তৰ। চলচ্চিত্ৰখন সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই, শব্দ সংযোজন অমৃত প্রীতম (মুম্বাই), শব্দ মিশ্রণ দেবজিৎ চাংমাই (মুম্বাই)।

দেশৰ ১০০ টা ছবিগৃহত মুক্তি পাব "কুকি"...
চছল সংসাৰিক আইথান পূজা সমিতিৰ ১৩৯তম বাৰ্ষিক অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in