চছল সংসাৰিক আইথান পূজা সমিতিৰ ১৩৯তম বাৰ্ষিক অনুষ্ঠান...

চছল সংসাৰিক আইথান পূজা সমিতিৰ ১৩৯তম বাৰ্ষিক অনুষ্ঠান...

ডিজিটেল সংবাদ, বেবেজীয়াঃ চছল সাংসাৰিক আইথান পূজা অতি ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত বুলি লোকবিশ্বাস আছে৷ চছল গাঁৱৰ অতি পুৰণি বাসিন্দা কাৰ্বি আৰু বড়ো জনগোষ্ঠীসকলৰ খেতি-বাতিত সুফল পোৱাৰ বাবে আৰু ৰাইজৰ অপায়-অমংগল আদিৰ মংগলৰ অৰ্থে এই পূজাভাগ প্ৰতি বছৰে উলহ-মালহেৰে অনুষ্ঠিত কৰি আহিছে ৷

এইবাৰ চছল সাংসাৰিক আইথান পূজাখন ১৩৯ বছৰত ভৰি দিলে ৷ উক্ত পূজা উপলক্ষে শনিবাৰে চছল গাওঁসমাজৰ ৰাইজে প্ৰতিবছৰে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি পূজাভাগ আকৰ্ষণীয় কৰি তুলে। এই অনুষ্ঠানতে চছল গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা , বয়োজ্যেষ্ঠ ব্যক্তিৰ সম্বৰ্ধনা, আই-নামতি আৰু গাওঁ সমাজৰ পূজাৰীসকলক বিশেষ সম্বৰ্ধনা তথা অঞ্চলৰ প্ৰয়াত ব্যক্তিসকলৰ সোঁৱৰণত স্মৃতিচাৰণ অনুষ্ঠান নিয়ম অনুসৰি সুকলমে অনুষ্ঠিত হয় ৷

উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে গুৱাহাটী পৌৰ নিগমৰ ৫৯নম্বৰ ৱাৰ্ডৰ পাৰিষদ অসীম শইকীয়া উপস্থিত থাকি সাৱলীল বক্তৃতাৰে সকলোকে আপ্লুত কৰে ৷ সমিতিলৈ ৩৫খন চকী দান দিয়া বিশিষ্ট সমাজ সংগঠক নৱ কুমাৰ মুদৈক উক্ত অনুষ্ঠানতে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় লগতে স্থানীয় সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰক অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।

স্থানীয় বিশিষ্ট ব্যক্তি মোহন টেৰণ, বিজয় টেৰণ, শান্তিৰাম টেৰণ, প্ৰাণ টেৰণ, বিনোদ টেৰণ আৰু নবীন টেৰণৰ বিশেষ অৰিহণাই অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলে ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পী ৰীমা ৱেপী পাটৰ, শতাব্দী টেৰণপী আৰু সিদ্ধান্ত টেৰণৰ সুমধুৰ সংগীত, স্থানীয় আৰু আমন্ত্ৰিত জনগোষ্ঠীয় কৃষ্টি দলৰ মনোমোহা নৃত্যানুষ্ঠান, জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ বড়ো আৰু দীপশিখা ৰংস্বালৰ সংগীতে উপস্থিত পাঁচ শতাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ।

উক্ত অনুষ্ঠানটি জনপ্ৰিয় ঘোষিকা পূৰ্ণিমা বংজাংয়ে সুন্দৰ ৰূপত পৰিচালনা কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ নৱপ্ৰজন্মৰ যুৱক লোহিত টেৰণ আৰু খনিন্দ্ৰ পাটৰৰ বিশেষ ভূমিকা আৰু ৰাইজৰ সক্ৰিয় সহযোগিতাত অনুষ্ঠানটো সফল সামৰণি হোৱাৰ বাবে উদযাপন সমিতিৰ হৈ সাংস্কৃতিক সংগঠক ধৰ্মেন্দ্ৰ টেৰণে কৃতজ্ঞতা জ্ঞাপন কৰে ।

চছল সংসাৰিক আইথান পূজা সমিতিৰ ১৩৯তম বাৰ্ষিক অনুষ্ঠান...
খনামুখৰ এগৰাকী ভাষ্কৰ্য্য শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বিষ্ণু-জ্যোতি-লাচিতৰ মূৰ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in