কলিয়াবৰত মিলি জুলি সংঘৰ উদ‍্যোগত আবেলি বেলিৰ ৰং...

অনুষ্ঠানত অনাতাঁৰ শিল্পী পুতুল চন্দ্ৰ নাথে লোকগীত পৰিবেশনেৰে অনুষ্ঠনটি অধিক জিপাল কৰি তোলে
আবেলি বেলিৰ ৰং
আবেলি বেলিৰ ৰং

ডিজিটেল সংবাদ,কলিয়াবৰঃ প্ৰতিজন জ্যেষ্ঠলোকৰ বিয়লি বেলাটো বিয়লিৰ বেলিটোৰ ৰঙৰ দৰে ৰঙীন আৰু বৰ্ণিল হৈ পৰক, এই উদ্দেশ্য আগত ৰাখিয়েই বিগত বৰ্ষ সমুহৰ দৰে কলিয়াবৰৰ ৰাঙলুত মৰিগাঁও জিলাৰ বৰিবন্ধা লেলাবড়ি আঞ্চলিক মিলিজুলি সংঘৰ উদ‍্যোগত শনিবাৰে অনুষ্ঠিত হয় আবেলি বেলিৰ ৰং শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান ।

বৰ্তমান সময়ত বিভিন্ন ঠাইৰ বহু বৃদ্ধ তথা একাংশ জ্যেষ্ঠৰ জীৱনৰ বিয়লি বেলাটো বহু কষ্টকৰ হয় । যি সময়ত বহু লোক তথা বয়োজ্যেষ্ঠ সকল জীৱনৰ বিয়লি বেলাত নিজ ঘৰখনৰ লগতে পৰিয়ালৰ পৰা অৱহেলিত হ'ব লগা ধৰণৰ পৰিবেশ হৈছে সেই সময়তে মিলিজুলি সংঘই বয়োজেষ্ঠ সকলৰ বাবে জীৱনৰ বিয়লি বেলাৰ সময়খিনি বিয়লিৰ বেলিটোৰ ৰঙৰ দৰে ৰঙীন কৰি তোলাৰ লক্ষ্যৰে হাতত লৈছে এই ব্যতিক্ৰমী পদক্ষেপ।

কলিয়াবৰ ৰাঙলুৰ চিকিৎসক কমল বৰদলৈৰ বাসগৃহ প্ৰাঙ্গণত অৱসৰপ্ৰাপ্ত শিক্ষক তিলক নাথৰ সভাপতিত্বত অনুষ্ঠিত আবেলি বেলিৰ ৰং অনুষ্ঠানটোত মৰিগাঁৱৰ বৰিবন্ধা অঞ্চলৰ বয়োজেষ্ঠ নাগৰিক সকলক মিলিজুলি সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে জ্যেষ্ঠসকলৰ মাজত এক অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ জড়িয়তে প্ৰতিজন জেষ্ঠ লোকে মনৰ কথা ব‍্যক্ত কৰি যঠেষ্ট আনন্দিত হৈ পৰে ।

মিলিজুলি সংঘৰ সম্পাদক নৰেশ্বৰ নাথে আঁত ধৰা অনুষ্ঠানত অনাতাঁৰ শিল্পী পুতুল চন্দ্ৰ নাথে লোকগীত পৰিবেশনৰে অনুষ্ঠনটি অধিক জিপাল কৰি তোলে । আজিৰ এই আবেলি বেলিৰ ৰং অনুষ্ঠানটিত শিক্ষাবিদ ডিম্বেশ্বৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে স্থানীয় সাংবাদিক গোলাপ শইকীয়া, জেষ্ঠ নাগৰিক দীপক বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া যুক্তি বৰাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ।

অনুষ্ঠানটিত বয়োজেষ্ঠ সকলৰ এক অন্তৰঙ্গ আলাপ কাৰ্যসূচীও অনুষ্ঠিত হয় । পুৱা বয়োজেষ্ঠ সকলক ঐতিহ্য মণ্ডিত ভড়ালী নামঘৰ দৰ্শনৰো ব্যৱস্থা কৰে মিলিজুলি সংঘই । সভাৰ অন্তত প্ৰীতি ভোজৰো ব্যৱস্থা কৰে উদ্যোক্তা সকলে ।

আৰু পঢ়কঃ উকা হ'ল আন এখন কেনভাছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in