উকা হ'ল আন এখন কেনভাছ...

উকা হ'ল আন এখন কেনভাছ...

জয়দীপ নাৰায়ন দেব

বিশিষ্ট চিত্ৰশিল্পী নীল পৱন বৰুৱা আৰু বলিষ্ঠ অভিনেতা নিপন গোস্বামীৰ দেহাৱসানে কন্দুৱাই গৈছিল সমগ্ৰ ৰাজ্যবাসীক । এই দুয়োগৰাকী শিল্পীৰ কেৱল সৃষ্টিৰ প্ৰতিয়েই নহয় বৰং শিল্পী দুগৰাকীৰ প্ৰতিও আছিল অসমীয়া ৰাইজৰ অসীম আদৰ আৰু চেনেহ।

এই আদৰ চেনেহক উকা কৰি চিৰদিনৰ বাবে আঁতৰি গৈছিল দুয়োগৰাকী বৰেণ্য ব্যক্তি। প্ৰবল ধুমুহা-বৃষ্টিপাতে উভালি পেলোৱা বৃক্ষত আশ্ৰয় লৈ থকা চৰাইজাকৰ দৰেই নিজম নিটাল হৈ পৰিছিল অসমীয়া সমাজ এই দুয়োগৰাকী ব্যক্তিক হেৰুৱাই ।

এই দুই মহান অসমীয়াৰ বিয়োগত সমগ্ৰ অসম ম্ৰিয়মান হৈ থকাৰ মাজতে পুনৰ শনিবাৰে পুৱা আন এগৰাকী মহীৰূহৰ দেহাৱসানৰ খবৰে পুনৰবাৰ শোকাহত কৰি তুলিলে সমগ্ৰ অসমীয়া জাতিক।

বিশিষ্ট চিত্ৰশিল্পী তথা চলচিত্ৰ পৰিচালক পুলক গগৈয়ে শনিবাৰে পুৱাই ইহ সংসাৰ ত্যাগ কৰিলে। এই খবৰে যেন সেই চৰাইজাকৰ বাবে দুপৰ নিশা নমোৱাই আনিলে পুৱাতেই ।

চলচিত্ৰ পৰিচালনাৰ বাবে কেৱল কাৰিকৰী দিশটোতেই নহয় বৰং কলাগত দিশটোতো প্ৰয়োজন হয় প্ৰচুৰ জ্ঞানৰ । কেমেৰাৰ সন্মুখৰ অভিনয়েই বোলছবি হ'লে সৃষ্টি নহ'ল হয় পুলক গগৈৰ ।

কাৰিকৰী দিশত সুদক্ষ হোৱাৰ ওপৰিও পুলক গগৈৰ আছিল এক কলাত্মক দৃষ্টিভংগী । যাৰ বাবেই এখনৰ পাছত আন এখন কালজয়ী অসমীয়া বোলছবি ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছিল পৰিচালকগৰাকী ।

আমৃত্যু বোলছবিৰ প্ৰেমত মগ্ন পুলক গগৈয়ে বোলছবি নিৰ্মাণৰ প্ৰবল তাড়নাত প্ৰথম বোলছবি 'খোজ'ৰ বাবে বিক্ৰী কৰিব লগীয়া হৈছিল চিত্ৰশিল্পী গৰাকীয়ে অংকন কৰা বহু কেইখন ছবি । এইয়া আছিল বিশিষ্ট চলচিত্ৰ পৰিচালক গৰাকীৰ বোলছবি প্ৰীতিৰ এক নিদৰ্শন হে মাথো ।

চলচিত্ৰ পৰিচালক হিচাপে জনপ্ৰিয় হোৱাৰ পূৰ্বেই চিত্ৰ শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰা পুলক গগৈৰ ছবি ক্ৰয় কৰিছিল বহু জনপ্ৰিয় লোকে। তাৰ মাজত অন্যতম প্ৰয়াত সংগীত শিল্পী লতা মংগেশকাৰ। সংগীত সূৰ্য, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জৰিয়তে পুলক গগৈৰ এখন ছবি লতা মংগেশকাৰে ক্ৰয় কৰিছিল।

কেনভাছৰ ৰং-তুলিকা আৰু কেমেৰাৰ ছাঁ-পোহৰৰ মাজতেই জীৱনৰ অধিকাংশ সময় অতিবাহিত কৰা শিল্পী গৰাকীয়ে জন্ম লাভ কৰিছিল ১৯৩৮ চনত যোৰহাট জিলাত । পুলক গগৈৰ পিতৃ সোনেশ্বৰ গগৈ আছিল অভিনেতা ।

জন্মসূত্ৰেই যেন অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল শিল্পীগৰাকী । যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ সময়তেই শিল্পীগৰাকী সংস্পৰ্শলৈ আহিছিল প্ৰখ্যাত সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ । মালিকৰ সংস্পৰ্শই যেন জগাই তুলিছিল শিল্পী গৰাকীৰ সুপ্ত কলাত্মক দৃষ্টিভংগী ।

কলেজীয়া শিক্ষাৰ পাছত শিল্পীগৰাকী উপস্থিত হৈছিল মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টছত । চিত্ৰশিল্পৰ সৈতে জড়িত হোৱাৰো অন্তৰালতো আছে আন এক কাহিনী । স্কুলীয়া অৱস্থাতেই ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কালতেই এখনি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল পুলক গগৈয়ে ।

সদৌ অসম শিশু চিত্ৰাংকন প্ৰতিযোগিতাখনিত প্ৰথম পুৰষ্কাৰ লাভ কৰায়েই নহয় বৰং বাতৰি কাকততো প্ৰকাশ হৈছিল গগৈৰ ছবিখনি । শিশু মনতেই চিত্ৰশিল্পৰ প্ৰতি অংকুৰণ হোৱা পুলিটোৱেই পাছলৈ গগৈৰ জীৱনত এজোপা বৌধিবৃক্ষ হৈ শিপাই পৰিল।

পৰৱৰ্তী সময়ত চিত্ৰশিল্পকেই জীৱন বুলি আকোৱালি লোৱা গগৈৰ জীৱন কাহিনী বিশ্ববিখ্যাত চিত্ৰশিল্পী ভেন গঘৰ অনুৰূপ । চৰম দুৰ্দিনতো ছবি এৰি নিদিয়া ভেন গঘে ভূগিবলগীয়া লৈছিল আৰ্থিক সংকটত ।

ঠিক একদৰেই ১৯৬৭ চনত কলিকতাত ছবিৰ বাবে আৰ্জনৰ একমাত্ৰ উপায় চাকৰি ত্যাগ কৰি আৰ্থিক সংকটত ভাৰাঘৰ এৰি দিবলগীয়া হৈছিল পুলক গগৈয়ে । কলিকতাৰ এটা গেৰেজত পত্নী আৰু ১১ মহীয়া সন্তানৰ সৈতে আশ্ৰয় ল'বলগীয়া হৈছিল গগৈয়ে ।

ইয়াৰ ওপৰিও পত্নীৰ গহনা বন্ধকত থৈ প্ৰকাশ কৰিছিল এখন কাৰ্টুন মেগাজিন । ৰং-তুলিকাৰ জগতৰ সৈতে এনে ওতপ্ৰোত সম্পৰ্ক আছিল চিত্ৰশিল্পীগৰাকীৰ । দ্বিতীয় বিশ্বযুদ্ধৰ অভিজ্ঞতা প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে লাভ কৰা প্ৰতিগৰাকী শিল্পীৰ দৰেই পুলক গগৈও আছিল উত্তৰ আধুনিক চিত্ৰৰ প্ৰতি আগ্ৰহী ।

১৯৬২ৰ চীনৰ আগ্ৰাসনৰ সময়তেই প্ৰচণ্ড মূল্যবৃদ্ধি হৈছিল ভাৰতত । যুদ্ধৰ সময়ছোৱাত ৰাজ্যত হোৱা চৰম খাদ্য সংকটৰ বাবেই হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সবল প্ৰতিবাদী কন্ঠেৰে সাদিনীয়া নৱযুগত কাৰ্টুনৰ জৰিয়তে প্ৰতিবাদ কৰিছিল পুলক গগৈয়ে । তাৰ পিছতো বহু কাল জনপ্ৰিয় দৈনিক ইংৰাজী বাতৰি কাকত আসাম ট্ৰিবিউনতো কাৰ্টুনিষ্ট ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল শিল্পী গৰাকীয়ে ।

বিমূৰ্ত চিত্ৰকলাৰ কেৱল ৰঙৰ ওপৰত নিৰ্ভৰ হোৱাতকৈ ৰেখাৰ ওপৰতো গুৰুত্ব দিছিল শিল্পী গৰাকীয়ে । চিত্ৰশিল্পী গৰাকীৰ কেনভাছত দেখা যায় ব্ৰাছৰ শক্তিশালী ষ্ট্ৰোকৰ প্ৰভাৱ ।

কেৱল চিত্ৰশিল্পতেই মনোনিৱেশ নকৰি এইবাৰ কলাৰ আন এখন জগত অন্বেষন কৰিবলৈ দৌৰে শিল্পীৰ হেজাৰটা দুৰন্ত ঘোৰাৰ মন । এই আগ্ৰহ জন্মিছিল ১৯৫০ৰ দশকৰ শেষৰ ফালে ভাৰত বিখ্যাত কলা চলচিত্ৰ পৰিচালক এ. এ. মজিদক ।

চৈয়দ আব্দুল মালিকৰ ছবিঘৰ কিতাপত উল্লেখ থকা পৰিচালক আজাদৰ দৰেই আছিল মজিদৰ শংকৰ দাদা । মজিদৰ তত্বাৱধানত কিছু সপ্তাহ ছবি পৰিচালনাৰ খুটি-নাতিবোৰ শিকাৰ পাছতেই পুলক গগৈৰ আগ্ৰহ জন্মিল বোলছবি পৰিচালনাৰ প্ৰতি ।

নৈপৰীয়া অসমীয়াৰ আয়ুৰেখা ব্ৰহ্মপুত্ৰৰ দৰেই অসমীয়া সংগীতৰ আয়ুৰেখা ড০ ভূপেন হাজৰিকাৰ পৰামৰ্শত গগৈয়ে অংকন কৰা কিছু ছবি বিক্ৰী কৰি বোলছবি পৰিচালনাৰ প্ৰতি আগ বাঢ়িছিল শিল্পীগৰাকী । 

ড০ ভূপেন হাজৰিকাৰ সৈতেও আছে শিল্পীগৰাকীৰ আন এক কাহিনী । জীৱনৰ দুৰ্দিনত ড০ ভূপেন হাজৰিকাদেৱেই এটি ফিল্ম ষ্টুডিঅ'ত অংশকালীন ভাৱে এটি চাকৰি বিচাৰি দিছিল গগৈক ।

সাত সাগৰ তেৰ নদীৰ সিপাৰে কলা বিথিকাত প্ৰদৰ্শনী হোৱা চিত্ৰশিল্পী গৰাকীৰ ছবিয়ে সক্ষম হৈছিল সমগ্ৰ দেশতেই খ্যাতি অৰ্জন কৰিবলৈ ।

উকা কেনভাছত ৰঙেৰে জীৱন লৈ অনা শিল্পী গৰাকীৰ বোলছবি পৰিচালনাৰ জীৱনো আছিল বাংময় । বোলছবি জগতৰ প্ৰথম খোজ "খোজ'ৰে আৰম্ভ কৰি থমকি নৰ'ল পৰিচালক গৰাকী ।

শ্ৰীমতি মহিমাময়ী, সাদৰি, সেন্দুৰ, সূৰুয, ৰে'লৰ আলিৰ দূবৰি বন, মৰম নদীৰ গাভৰু, মমতাজ আৰু পত্নী আছিল জনদৃত বোলছবি । ৰেল'ৰ আলিৰ দূবৰি বনৰ বাবে শিল্পী গৰাকীয়ে লাভ কৰিছিল শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰজত কমল বঁটা ।

প্ৰায় ৪ দশক জুৰি কলাত্মক বোলছবিৰে তৃষ্ণাতুৰ দৰ্শকৰ মন মুহি অহা মহীৰূহজোপা হঠাতেই যেন নোহোৱা হৈ গ'ল সমাজৰ পৰা । ইয়াৰ সৈতেই অসমীয়া জাতিটোৱে হেৰুৱালে বৃক্ষজোপাৰ ছাঁ আৰু আশ্ৰয় ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in