কলিয়াবৰ প্ৰেছ ক্লাবৰ সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

কলিয়াবৰ প্ৰেছ ক্লাবৰ সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...
কলিয়াবৰ প্ৰেছ ক্লাবৰ সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজিত অসমৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱি, অৰ্থনীতিবিদ, সাংবাদিক তথা সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক কলিয়াবৰৰ সু-সন্তান প্ৰয়াত চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোঁহাঞি সোঁৱৰণী সাহিত্য প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে। সদৌ অসম ভিত্তিত গল্প, প্ৰবন্ধ আৰু কবিতা এই তিনিটা ভাগত অনুষ্ঠিত প্ৰতিযোগিতাখনত তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

ঘোষিত ফলাফল অনুসৰি, গল্প প্ৰতিযোগিতাৰ ক শাখা (১৮ বছৰৰ পৰা ২৫ বছৰ বয়সলৈ)ত প্ৰথম স্থান দখল কৰে লখিমপুৰৰ বালিয়নীৰ হোমেন বৰুৱাই (গল্প- ৰঙচুৱা বাতি)। দৰং মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ নিমিষা বৰাই দ্বিতীয় স্থান (গল্প- চিঠি) দখল কৰে আৰু তৃতীয় স্থান যুটীয়া ভাৱে দখল কৰে বৰপেটাৰ বাৰেগাঁও নাথপাৰাৰ ধনজিত নাথ (গল্প- পানীকথাৰ সাধু) আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ বিতোপন ৰাজবংশী (গল্প- ঔষধ)য়ে।

গল্প প্ৰতিযোগিতাৰ খ শাখা (২৫ বছৰৰ উৰ্ধৰ সকলোৰে বাবে)ত প্ৰথম স্থান দখল কৰে গুৱাহাটী হেঙেৰাবাৰীৰ পম্পি বৰা বৈশ্যই (গল্প- হাঁহিৰে ঢকা ডাৱৰ)। দ্বিতীয় স্থান দখল কৰে নগাঁও ডিমৰুগুৰিৰ পল্লবী কৌশিক শৰ্মাই ( গল্প- আত্মভূ)।

তৃতীয় স্থান যুটীয়া ভাৱে দখল কৰে বৰপেটা ভৱানীপুৰৰ অৰূপ ৰাজ কলিতা (গল্প- চোলা) আৰু কলিয়াবৰৰ শ্যামকানু সত্ৰৰ খনিন্দ্ৰ ভূষণ মহন্তই (গল্প- ৰ'দ জিলমিল- পানী জিলমিল)। 'মই যদি সাংবাদিক হওঁ' - এই বিষয়ত অনুষ্ঠিত প্ৰবন্ধ প্ৰতিযোগিতাৰ ক শাখা (১৮ বছৰৰ পৰা ২৫ বছৰলৈ)ত প্ৰথম স্থান দখল কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ডঁৰিয়লি কৌশিক ভাগৱতীয়ে।

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ডিম্পি মণি দত্তই দ্বিতীয় স্থান আৰু উত্তৰ লখিমপুৰৰ নাওবৈচাৰ অভিজিৎ দত্তই তৃতীয় স্থান দখল কৰে। আনহাতে, সাম্প্ৰতিক সময়ৰ সাংবাদিকতাঃ সম্ভাৱনা আৰু সংকট'- এই বিষয়ত অনুষ্ঠিত প্ৰবন্ধ প্ৰতিযোগিতাৰ খ শাখা (২৫ বছৰৰ উৰ্ধৰ সকলোৰে বাবে)ত প্ৰথম শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ জিতামনি দাস, দ্বিতীয় লখিমপুৰৰ গুৱালগাঁৱৰ নিবেদিতা হাজৰিকা আৰু তৃতীয় গুৱাহাটী হাতীগাঁৱৰ পুষ্পাঞ্জলি গোস্বামী।

কবিতা প্ৰতিযোগিতাৰ ক শাখা (১৮ৰ পৰা ২৫ বছৰ বয়সলৈ)ত প্ৰথম স্থান দখল কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰষা দাসে (কবিতা- অলক্ষিতে)। দ্বিতীয় স্থানত যোৰহাট টিয়কৰ প্ৰিয়াশ্ৰী বৰকটকী (কবিতা- মই এগৰাকী কবিয়ে কৈছো) আৰু তৃতীয় স্থানত গোলাঘাট ফেটাগাঁৱৰ সীমাশ্ৰী দত্ত ( কবিতা- মই ৰাজপথে কৈছো)।

কবিতা প্ৰতিযোগিতাৰ খ শাখা (২৫ বছৰৰ উৰ্ধৰ সকলোৰে বাবে)ত প্ৰথম স্থান দখল কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ কেশৱ চাউয়ে (কবিতা- কালৰ কান্ধৰ ওপৰেদি পাৰ হৈ যাওঁতে)। দ্বিতীয় স্থান দখল কৰে তেজপুৰৰ গায়ত্ৰী দেৱী বৰঠাকুৰে (কবিতা- ঈশ্বৰৰ পৃথিৱী)। তৃতীয় স্থান যুটীয়া ভাৱে দখল কৰে দেৰগাঁৱৰ মৃদুমনি মহন্ত (কবিতা- আসঃ স্বাধীনতা স্বাধীনতা) আৰু কলিয়াবৰ তিনিআলিৰ ৰূপাঞ্জলি বৰুৱা বৰদলৈয়ে ( কবিতা- সৰু পৃথিৱীৰ যন্ত্ৰণা)।

উল্লেখ্য যে, প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক অহা ২৭ নৱেম্বৰৰ পুৱা ১১ বজাত অনুষ্ঠিত হ'বলগীয়া কলিয়াবৰ প্ৰেছ ক্লাবৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত নগদ মাননিৰ লগতে মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আদিৰে পুৰস্কৃত কৰা হ'ব। স্থানপ্ৰাপ্তসকলক সভাত উপস্থিত থাকি পুৰস্কাৰ গ্ৰহণ কৰিবলৈ বিশেষ ভাৱে আমন্ত্ৰণ জনাই উদ্যোক্তাসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in