কোকৰাঝাৰত ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূতি উদযাপন

২০২০ চনৰ আজিৰ দিনটোতে প্ৰমোদ বড়োৰ নেৰ্তৃত্বত বিটিআৰত গঠিত হৈছিল ইউপিপিএল , বিজেপি আৰু জিএচপিৰ চৰকাৰ ।
কোকৰাঝাৰত ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূতি উদযাপন

ডিজিটেল সংবাদ, কোকৰাঝাৰ:- ২০২০ চনৰ আজিৰ দিনটোতে প্ৰমোদ বড়োৰ নেৰ্তৃত্বত বিটিআৰত গঠিত হৈছিল ইউপিপিএল , বিজেপি আৰু জিএচপিৰ চৰকাৰ । হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকাল ওফৰাই পৰিবৰ্তনৰ শ্লোগানেৰে গঠন হোৱা বিটিআৰ চৰকাৰে আজিৰ দিনটোতে দুটা বছৰ সম্পূৰ্ণ কৰিলে ।

হত্যা -হিংসা, গোষ্ঠীদ্বন্দত আক্ৰান্ত বিটিআৰৰ শাসনভাৰ হাতত তুলি লোৱাৰ পিছতে প্ৰমোদ বড়োৰ নেৰ্তৃত্বত গঠিত হোৱা ইউপিপিএল , বিজেপি আৰু জিএচপিৰ চৰকাৰে বিগত দুটা বছৰত হত্যা-হিংসা , গোষ্ঠীদ্বন্দ নিৰ্মুল কৰিবলৈ সক্ষম হোৱাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰি তুলিবলৈ সক্ষম হয় ।

আজি দুবছৰীয়া বৰ্ষপুতি উপলক্ষে বিটিআৰ প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ পথাৰত আজি কেন্দ্ৰীয়ভাৱে উদযাপিত হৈছে বৰ্ষপূৰ্তি অনুষ্ঠান ।বৰ্ষপূতি উদযাপনৰ সতে সংগতি ৰাখি আজি পুৱা ৫-৩০ বজাত শান্তিৰ বাবে এক পদযাত্ৰা উলিওৱা হয় ৷

বিটিআৰ সচিবালয়ৰ পৰা উলিওৱা শান্তিৰ পদযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু কাৰ্যবাহী সদস্য দাওবৈছা বড়োই ৷ শান্তিৰ পদযাত্ৰাত বিটিচি প্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকী কাৰ্যবাহী সদস্য, পাৰিষদ আৰু বিভিন্ন বিভাগৰ বিষয়া - কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷

দেশভক্তি তথা বিভিন্ন শান্তিমূলক সংগীতৰে আৰম্ভ কৰা পদযাত্ৰা কোকৰাঝাৰ চহৰৰ বিভিন্ন পথত পৰিভ্ৰমী কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত সামৰণি পৰে ।বৰ্ষপূতি উদযাপনৰ আজি দিনজোৰা অন্যান্য কাৰ্যসূচী অনুযায়ী দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ , কোকৰাঝাৰৰ ভাটিপাৰাত থকা বডোলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিৎ নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত শ্বহীদ তৰ্পন আৰু বিটিচিৰ সচিবালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷

ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই পূৰ্বৰ হাগ্ৰামা মহিলাৰী চৰকাৰক তীব্ৰ সমালোচনা কৰি ২৯০০ কোটি টকাৰ লায়েবিলিটি (liability) এৰি থৈ যোৱা বুলি মন্তব্য কৰে । ২৯০০ কোটি টকাৰ ভিতৰত ১৫০০ কোটি টকাই ভূৱা বুলি দাবী কৰি প্ৰমোদ বড়োই কয় যে বিটিআৰ চৰকাৰে ধৰা নেপেলোৱা হলে ১৫০০ কোটি টকা ১০ -১২ জন ঠিকাদাৰৰ পকেটত সোমালহেতেন ।

১৫০০ কোটি টকা এখন স্বায়ত্বশাসিত পৰিষদৰ বাবে বহু টকা বুলি মন্তব্য কৰি চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰাটো মুঠেই সমীচিন নহয় বুলি উল্লেখ কৰে । পূৰ্বৰ চৰকাৰৰ কোনো চিষ্টেম নাছিল আৰু বৰ্তমানৰ বিটিআৰ চৰকাৰে মুখ্যকাৰ্যবাহীৰ পৰা তৃণমুল পৰ্যায়লৈকে টীম বিটিআৰৰ বাবে এটা চিষ্টেম কৰি লৈছে। শাসনযন্ত্ৰ ঠিক কৰাটোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াৰ লগে লগে অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰাখিবলৈ চৰকাৰে অহোপুৰুষাৰ্থ চেষ্ঠা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োই ।

বিটিআৰত শান্তি আৰু উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ হৈছে আৰু অৰ্থনৈতিক , শৈক্ষিক উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োই দীৰ্ঘদিনীয়া ভূমি সমস্যাৰ বাবে ভূমিমেলা আৰু ভূমি সমস্যা সমাধানৰ বাবে অহা ২৭ জানুৱাৰীত "বৈসুমতী" নামৰ অনলাইন এপ মুকলি কৰা হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। বিটিআৰৰ যুৱকসকলক ষড়যন্ত্ৰমুলকভাৱে অস্ত্ৰ লৈ জংঘলত প্ৰৱেশ কৰোৱাইছিল বুলি গুৰুতৰ অভিযোগ কৰি সেই ভয়াৰ্ত পৰিৱেশৰ পৰা আজি বিটিআৰ মুক্ত হৈছে বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োৱে ।

বিটিআৰৰ ৫০০ খন বিদ্যালয় নৱনিৰ্মান কৰা হ'ব আৰু ১০০০ খন বিদ্যালয় মেৰামতিকৰণ কৰা হ'ব বুলি উল্লেখ কৰি ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়ি বিটিআৰ জাকতজিলিকা হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। তাপপৰ্যপুৰ্ণভাৱে প্ৰমোদ বড়োৱে কয় যে নিৰ্বাচনৰ পূৰ্বে আমি আমি বিপিএফৰ ১৭ বছৰীয়া শাসনকালক সমালোচনা কৰিছিলো , এতিয়া আমি দুবছৰ শাসন চলালো আৰু তিনিবছৰ পিছত আমাৰ চৰকাৰক যাতে সমালোচনা কৰিব নোৱাৰে তাৰ বাবেই ধনাত্মক চিন্তাধাৰাৰে আমি আগবাঢ়ি গৈ আছো বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে অহা তিনিবছৰত প্ৰচুৰ কাম কৰা হ'ব বুলি সদৰি কৰিছে ।

বিটিআৰ চৰকাৰ গঠন হোৱাৰ দ্বিতীয় দিনটোৰ পৰাই চৰকাৰ ভাঙিব , অহামাহত ভাঙিব , ডিচেম্বৰত ভাঙিব , জানুৱাৰীত ভাঙিব বুলি কৈ থাকোতেই চৰকাৰখনে দুটা বৰ্ষ সম্পূৰ্ণ কৰিলে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে ৰাইজক সেৱা কৰাৰ লক্ষ্যৰে গঠন হোৱা চৰকাৰখনে নিষ্ঠা আৰু সততাৰে নিজ কাৰ্যকাল সম্পূৰ্ণ কৰিব।

আনহাতে সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে কয় যে বিটিআৰৰ বহু সমস্যাৰ সমাধান কৰা হ'ল আৰু বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ২০২৩ চনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব । ইপিনে সমষ্টি পুণৰনিৰ্ধাৰণ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে সকলো জনগোষ্ঠীৰ প্ৰতিনিধি যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

বিটিআৰৰ ওপৰত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পোনপটিয়া আশীৰ্বাদ আছে বুলিও মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । আনহাতে অচিৰেই টেট শিক্ষক নিযুক্তি দিয়া হ'ব আৰু ১০০০ খন বিদ্যালয়ত এডাপ্টৰ নিযুক্তি দিয়া হ'ব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োৱে । প্ৰণিধানযোগ্য যে দ্বিতীয় বৰ্ষপুতি উপলক্ষে আজি ২৪ টা বিভাগৰ সফলতাসমুহ বিভাগীয়ভাৱে উপস্থাপন কৰা হয় । উল্লেখ্য যে বিটিআৰ চৰকাৰৰ দুবছৰীয়া বৰ্ষপূতি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল জগদীশ মুখী আৰু বিশেষ অতিথি হিচাপে বিজেপিৰ কেন্দ্ৰীয় উপসভাপতি বৈজয়ন্ত জয় পাণ্ডাই অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক: বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, কবি অনিল কুমাৰ শৰ্মাৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in