/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/96964ccc-7bf7-450f-90d5-2695e9d5f545/anil.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও চহৰৰ পানীগাঁও আনন্দ নগৰৰ নিবাসী তথা পুৰণিগুদাম পথাৰআগ গাঁৱৰ বিশিষ্ট সমাজকৰ্মী অনিল কুমাৰ শৰ্মা (৭৬) ৰ মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে। বিগত কিছু দিন ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰা শৰ্মাক বিয়লি আনন্দ নগৰলৈ স্থানান্তৰিত কৰা হয়।
বাসগৃহলৈ অনাৰ ক্ষন্তেক পাছতে তেওঁ পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখযোগ্য যে- মিছা শশীকান্ত বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা শৰ্মা অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰূপে অসমীয়া সাহিত্য চৰ্চাৰ একান্ত সাধক হিচাপে "আই" নামৰ এখন কবিতা পুথি প্ৰকাশ কৰে। তদুপৰি তেওঁ অভিনেতা হিচাপে বহু সংখ্যক নাটকত সুন্দৰ অভিনয় কৰি প্ৰশংসা বুলিবলৈ সক্ষম হৈছিল।
অন্যহাতে অনিল কুমাৰ শৰ্মাই বৰ্হি ৰাজ্য উৰিষ্যা, কলকতাৰ উপৰিও বৰ্হি ৰাষ্ট্ৰ থাইলেণ্ডত নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছিল। তেওঁৰ মৃত্যুত নগাঁৱৰ নাট্য জগতত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি কন্যা, জোৱাইকে আদি কৰি বহু সংখ্যক আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ যায়। সন্ধিয়া নগাঁও চহৰৰ আমোলাপট্টি সাৰ্বজনীন শ্মশানত বহু সংখ্যক গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।