কিশোৰী ধৰ্ষণকাৰী ছইমুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু...

কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানা এলেকাৰ এগৰাকী কিশোৰীক ছইমুদ্দিন শ্বেখ(৬০) নামৰ লম্পট এটাই ধৰ্ষণ কৰা গোচৰৰ বুধবাৰে চুড়ান্ত ৰায়দান কৰিছে কোকৰাঝাৰ বিশেষ আদালতে ।

author-image
Asomiya Pratidin
New Update
কিশোৰী ধৰ্ষণকাৰী ছইমুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু...

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানা এলেকাৰ এগৰাকী কিশোৰীক ছইমুদ্দিন শ্বেখ(৬০) নামৰ লম্পট এটাই ধৰ্ষণ কৰা গোচৰৰ বুধবাৰে চুড়ান্ত ৰায়দান কৰিছে কোকৰাঝাৰ বিশেষ আদালতে । কোকৰাঝাৰ বিশেষ আদালতৰ ৰায়দান অনুসৰি ছইমুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অবিহনে অতিৰিক্ত এক বছৰৰ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে ।

Advertisment

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ বগৰীবাৰী চাপাগুৰী দ্বিতীয় খণ্ড নিৱাসী ছইমুদ্দিন শ্বেখে ২০১২ চনৰ ২০ ছেপ্টেম্বৰত এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল । কিশোৰী গৰাকীয়ে দোকানত চানাচুৰ আনিবলৈ যাঁওতেই লম্পট ছইমুদ্দিন শ্বেখে দোকান বন্ধ কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰিছিল ।

পিছত পৰিয়ালৰ লোকে বগৰীবাৰী থানাত এজাহাৰ ( নং ১২২/২০১২) দাখিল কৰিছিল আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছইমুদ্দিন শ্বেখক আটক কৰিছিল । উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ আৰু পকচো আইনৰ অধীনত গোচৰ ৰজু কৰি আৰু তদন্ত আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল।

উক্ত গোচৰটো পকচো আইনৰ ধাৰা ৬ অনুসৰি কোকৰাঝাৰ বিশেষ আদালতত চলি থাকে আৰু আজি কোকৰাঝাৰ বিশেষ আদালতে উক্ত বিশেষ গোচৰৰ(নং ৩২/২০) ৰায়দান কৰে । কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে. কোচে অভিযুক্ত ছইমুদ্দিন শ্বেখক দোষী সাৱস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অনাদায়ে অতিৰিক্ত এক বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰিছে কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে. কোচে ।

আৰু পঢ়ক : সীমান্তত উত্তেজনা! অসমৰ গৃহৰক্ষীৰ মৃতদেহ ঘূৰাই দিব মেঘালয় প্ৰশাসনে

rape case assam kokrajhar Assam police