সীমান্তত উত্তেজনা! অসমৰ গৃহৰক্ষীৰ মৃতদেহ ঘূৰাই দিব মেঘালয় প্ৰশাসনে

মেঘালয় প্রশাসনে ঘূৰাই দিব বিদ্যাছিং লেকথেৰ মৃতদেহ। মুক্র’ত অসম-মেঘালয় সীমান্তৰ সংঘৰ্ষত নিহত হৈছিল বিদ্যাছিং লেকথে।

author-image
Asomiya Pratidin
New Update
সীমান্তত উত্তেজনা! অসমৰ গৃহৰক্ষীৰ মৃতদেহ ঘূৰাই দিব মেঘালয় প্ৰশাসনে

ডিজিটেল ডেস্ক: মেঘালয় প্রশাসনে ঘূৰাই দিব বিদ্যাছিং লেকথেৰ মৃতদেহ। মুক্র’ত অসম-মেঘালয় সীমান্তৰ সংঘৰ্ষত নিহত হৈছিল বিদ্যাছিং লেকথে।

Advertisment

পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে চমজি ল’ব বিদ্যাছিং লেকথেৰ মৃতদেহ। পশ্চিম কাৰ্বি আংলঙৰ খান্দুলিত ৬.৩০ বজাত চমজাই দিব বিদ্যাছিঙৰ মৃতদেহ।

অন্যহাতে বিতৰ্কিত ভূমি খণ্ড সন্দৰ্ভতো কাৰ্বি পৰিষদৰ স্থিতি স্পষ্ট কৰে। ভূমিখণ্ড মেঘালয়ৰ বুলি কৰা দাবীক সম্পূৰ্ণৰূপে নাকচ কৰে পৰিষদে।

উল্লেখ্য যে, মঙলবাৰে অসম-মেঘালয় সীমান্তত হোৱা গুলীয়াগুলীৰ ফলত অসমৰ এজন গৃহৰক্ষী জোৱান আৰু মেঘালয়ৰ ৫ জনকৈ লোক নিহত হৈছিল। মৃত্যু হোৱা অসমৰ বিদ্যাছিং লেকথেৰ মৃতদেহ মেঘালয়ে ঘূৰাই দিয়া নাছিল। তাৰ পাছতেই বুধবাৰে মৃতদেহটো ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে মেঘালয় প্ৰশাসনে।

আৰু পঢ়ক: ধুবুৰীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

 

assam meghalaya himanta biswa sarma