গোসাঁইগাঁৱত কোনো ধৰণৰ নাৰীজনিত অপৰাধ সংঘটিত হোৱা নাই: কোকৰাঝাৰ আৰক্ষী

গোসাঁইগাঁৱত কোনো ধৰণৰ নাৰীজনিত অপৰাধ সংঘটিত হোৱা নাই: কোকৰাঝাৰ আৰক্ষী

author-image
Asomiya Pratidin
New Update
গোসাঁইগাঁৱত কোনো ধৰণৰ নাৰীজনিত অপৰাধ সংঘটিত হোৱা নাই: কোকৰাঝাৰ আৰক্ষী

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ তুলসীবিলত দুগৰাকী কিশোৰী গণ ধৰ্ষণৰ বলি হোৱা বুলি ব্যাপকভাৱে প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত শনিবাৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই কোকৰাঝাৰ সদৰ থানাত এক সংবাদমেলৰ আয়োজন কৰে।

Advertisment

নিশা প্ৰায় ৮:০০ বজাত আয়োজিত কৰা এক সংবাদমেলত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই কয় যে শুকুৰবাৰে নিশা তুলসীবিল এলেকাৰ পৰা দুগৰাকী নাবালিকা নিখোজ হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰে আৰু স্থানীয় গাঁওৱাসীৰ সহযোগত নাবালিকা দুগৰাকীক শনিবাৰে পুৱা উদ্ধাৰ কৰে । এগৰাকী যুৱকৰ লগত পলাই যাব পাৰে বুলি উঠা অভিযোগৰ পিছতে যুৱকজনকো সোধপোছৰ বাবে থানালৈ অনা হৈছে বুলি সদৰি কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই কয় যে শনিবাৰে যুৱকজনৰ সতে নাবালিকাগৰাকী কোনোধৰণৰ সংস্পৰ্শলৈ অহা নাছিল। স্বাস্থ্য পৰীক্ষাৰ প্ৰাৰম্ভিক তথ্যমতেও এই কথা প্ৰমাণ হৈছে। আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিতো ছোৱালী দুজনীয়ে সদৰি কৰিছিল।

মেডিকেলৰ সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰাৰ পিছতহে ঘটনা সন্দৰ্ভত স্পষ্ট হ'ব পৰা যাব । শনিবাৰৰ ঘটনাটো মিছা বুলি মন্তব্য কৰিছে যদিও নাবালিকা দুগৰাকীক পুনৰাই আইনমতে তেওঁলোকৰ স্পষ্টীকৰণ লোৱা হ'ব আৰু যদি কোনো তেনেধৰণৰ তথ্য সদৰি কৰে ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰিছে ।

ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনেও এজাহাৰ দিয়া নাই বুলি সদৰি কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাই । তদুপৰি আৰক্ষী বিষয়াগৰাকীয়ে আইন শৃংখলা বৰ্তাই ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনোৱাৰ লগতে আৰক্ষীৰ প্ৰতি আস্থা-বিশ্বাস ৰাখিবলৈ আহ্বান জনাইছে ।

Also Read: নগাঁৱত ধিঙৰ পাশৱিক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত...

kokrajhar