ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ ধিঙৰ বৰভেটিৰ এগৰাকী ছাত্ৰীৰ শিহৰণকাৰী ধৰ্ষণ কাৰ্যৰ বিৰুদ্ধে আজিও নগাঁৱত প্ৰতিবাদ অব্যাহত আছে। শনিবাৰে নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিত নগাঁও শিখ সমাজ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰী গৰাকীৰ ধৰ্ষণ কাণ্ডৰ লগত জড়িত সকলক কঠোৰ শাস্তি বিহাৰ দাবীত শিখ সমাজৰ শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
মহিলাৰ ওপৰত হোৱা সকলো ধৰণৰ নিৰ্যাতন বন্ধ কৰক , দোষীখ কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক, আমাক ন্যায় লাগে আদি বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে। নগাঁৱৰ শিখ সমাজে ধিঙৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ধৰ্ষণকাৰীক ফাৰ্ষ্ট টেক আদালতৰ জৰিয়তে দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।
ইপিনে প্ৰাক্তন মন্দিৰৰ গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ নেতৃত্বত অসম গণ পৰিষদ নগাঁও জিলা সমিতিৰ এটা প্ৰতিনিধি দলে নগাঁও মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা ভুক্তভোগী ছাত্ৰীগৰাকীৰ অৱস্থাৰ বুজ লয়। বৰুৱাই এই সন্দৰ্ভত কয় যে আমি নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ লগত আছো। অসমৰ ৰাইজো তেওঁৰ লগত আছে। ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ আমি তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে এই ধৰ্ষণ কাৰ্যৰ লগত জড়িত মুল অভিযুক্তজনৰ মৃত্যু হৈছে বুলি উল্লেখ কৰি বৰুৱাই আন দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তি বিহিবলৈ দাবী জনাই।
অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক মাণিক হুছেইনে এক বিবৃতিযোগে ধিঙৰ ধৰ্ষণ কাৰ্যৰ তীব্ৰ গৰিহণা দিয়ে আৰু এই ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে দোষীক দৃষ্টান্তমুলক শাস্তি বিহিবলৈ দাবী জনাই। অসম জাতীয় মহিলা পৰিষদৰ নগাঁও জিলা সমিতিয়ে ধিঙৰ শিহৰণকাৰী ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। মহিলা পৰিষদে এই ঘটনাৰ লগত জড়িত সকলো অপৰাধীক কৰায়ত্ব কৰি ফাচি দিয়াৰ দাবী জনাই।
ইপিনে নগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত নগাঁৱৰ ধিঙত কিশোৰী ছাত্ৰী গৰাকীৰ হোৱা বলাৎকাৰৰ ঘটনাৰ প্ৰতিবাদত মমবাতি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ তেওঁলোকে চৰকাৰখ দাবী জনাই। কাৰ্যসূচীত সমিতিৰ সভানেত্ৰী উৰ্মিলা বৰুৱা , যুটীয়া সম্পাদিকা স্বপ্না নেওগ আদিয়ে অংশগ্ৰহণ কৰে।
প্ৰতিবাদীকাৰীসকলে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰো প্ৰতিবাদ জনাই। আনহাতে আজি সন্ধিয়া নগাঁও চহৰত আৱাজ দ্যা ভয়চ অৱ ৱ'মেনৰ উদ্যোগত শতাধিক মহিলা আৰু ছাত্ৰই হাতে হাতে মমবাতি লৈ ধিঙৰ ঘটনাৰ প্ৰতিবাদত এক সমদল উলিয়াই। ধিঙৰ ধৰ্ষণকাৰী নৰপিশাচক কঠোৰ শাস্তি দিয়ক ,আমাক ন্যায় দিয়ক আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।