কোকৰাঝাৰত চাঞ্চল্য! কৰ্কট ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন

পুনৰ বিতৰ্কৰ মাজত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় ( RNB) ৷এইবাৰ অসুস্থ ৰোগীক দিলে ম্যাদ উকলা চেলাইন ৷

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত চাঞ্চল্য! কৰ্কট ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন

ডিজিটেল সংবাদ, কোকৰাঝাৰ: পুনৰ বিতৰ্কৰ মাজত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় ( RNB) ৷এইবাৰ অসুস্থ ৰোগীক দিলে ম্যাদ উকলা চেলাইন ৷

Advertisment

অভিযোগ অনুসৰি কৰ্কট ৰোগীক দিলে ম্যাদ উকলা চেলাইন । এই ঘটনাৰ পাছতেই ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ৷

চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাক লৈ ক্ষোভ প্ৰকাশ ৰোগীৰ আত্মীয়ৰ । ৰোগী গৰাকী আকোকৰাঝাৰ জিলাৰে সেৰফাংগুৰী হেল বজাৰৰ নিবাসী।

বিগত এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল মহিলা গৰাকী ৷ যোৱা দুদিন আগতে অত্যাধিক কাঁহ ,বমি আৰু মুৰৰ বিষ হোৱাত ৰোগী গৰাকীক পৰিয়ালৰ লোকে কোকৰাঝাৰ RNB চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷

ইপিনে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে নাৰ্চে দিলে DEXTROSE নামৰ নবেম্বৰ মাহতে ম্যাদ উকলা চেলাইন ৷ উক্ত চেলাইন দিয়াৰ পিছত অত্যাধিক বিষ অনুভৱ হয় ৰোগী গৰাকীৰ ৷

চিকিৎসালয়খনৰ নাভূত নাশ্ৰত এই কাণ্ডই ৰোগী সকলৰ মাজত আতংকৰ সৃষ্টি কৰি তুলিছে ৷ ইফালে ৰোগী গৰাকীৰ ৰিয়ালে বিষয়টো মুখ্যমন্ত্ৰীক দৃষ্টি গোচৰ কৰি বিহীত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৷ পুনৰাই যাতে এনে ঘটনা নঘটে তাৰ প্ৰতি গুৰুত্ব দিয়াৰ আহ্বান ।

ৰোগীৰ জীৱন আৰু সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে পৰিয়ালটোৱে ৷ উল্লেখ্য যে, সময়ে সময়ে বিতৰ্কৰ আৰ্ৱত সোমাই পৰা কোকৰাঝাৰ R N B চিকিৎসালয়ত কিছুদিন পূৰ্বে চাডেন ভিজিট কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয়ৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও চিকিৎসালয়খন এচাম চিকিৎসক আৰু নাৰ্চৰ গাফিলতিৰ বাবে চিকিৎসালয় খনত মাজে সময়ে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

আৰু পঢ়ক: নগাঁৱৰ বিশিষ্ট ক্ৰিকেট খেলুৱৈ কৌস্তৱ কাশ্যপ বৰুৱা আৰু নাই

assam kokrajhar