/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/baf7ea1e-5b7b-4e1a-8578-4e3e6d11e687/kkb.jpg)
ডিজিটেল সংবাদ, নগাঁও: বিশিষ্ট ক্ৰিকেট খেলুৱৈ কৌস্তৱ কাশ্যপ বৰুৱা আৰু নাই। নগাঁও চহৰৰ পৰিবহণ আস্থানৰ সমীপবৰ্তী নিবাসী কৌস্তৱ কাশ্যপ বৰুৱাৰ শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে।
বিগত কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল বৰুৱা। কৌস্তৱ কাশ্যপ বৰুৱাই ৰঞ্জি ট্ৰফিত অসম দলক নেতৃত্ব দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় দললৈও নিৰ্বাচিত হৈছিল। ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী প্ৰয়াত প্ৰনৱ কুমাৰ বৰুৱাৰ একমাত্ৰ পুত্ৰ কৌস্তৱ কাশ্যপ বৰুৱাৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ ক্ৰীড়া ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাইছে।
কৌস্তৱ কাশ্যপ বৰুৱা চমুকৈ পৃথুৰ অকাল মৃত্যুত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ।
আৰু পঢ়ক: গুলী ফুটিছে, কিন্তু ভুল জেগাত লাগিছে...