/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f9208ba8-19df-452a-9d43-2635aacfdb94/nalbari.jpg)
বালিপাৰাত মহিলাৰ অভিলাষী প্ৰশিক্ষণ শিবিৰ সমাপন
ডিজিটেল সংবাদ, নলবাৰীঃ বালিপাৰাত স্বেচ্চাসেৱী অনুষ্ঠান নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ উদ্যোগত আৰু নাবাৰ্ডৰ সাহায্যত খাদ্য সংশোধন বিষয়ক ১২ দিনীয়া প্ৰশিক্ষণ শিৱিৰ সামৰণি উপলক্ষে ১৮ জানুৱাৰীত বালিপৰাস্থিত বৰ ভালুকী বালিপাৰা পঞ্চায়তত এখন বিশেষ সভাৰ আয়োজন কৰা হয় ।
উল্লেখযোগ্য যে ২৮ ডিচেম্বৰৰপৰা পঞ্চায়তখনত হোৱা এই প্ৰশিক্ষণ শিবিৰত হেলনা, বালিপাৰা আৰু কনিমাৰা অঞ্চলৰ সাতটা আত্মসহায়ক গোটৰ ৩০ গৰাকী মহিলাক খাদ্য সংশোধনৰ বিভিন্ন পদ্ধতিৰ লগতে বিশেষকৈ জন্মদিনৰ কেক, নিমকিন, ভুজীয়া, কণীহীন কেক, বিস্কুট আদি তৈয়াৰ কৰা প্ৰশিক্ষণ দিয়া হয় । অঞ্চলটোৰ মহিলাসকলৰ বাবে অতি অভিলাষী এই প্ৰশিক্ষণ শিৱিৰত খাদ্য সংশাধন বিষয়ত উচ্চ শিক্ষাৰে প্ৰশিক্ষিত সঞ্জীৱ দাসে কেক তৈয়াৰ কৰা আৰু দীপিকা কলিতাই বিস্কুট তৈয়াৰ কৰা বিষয়ত প্ৰশিক্ষণ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/31a17c0b-4219-4508-8467-f2c9cb5e9fa2/97dfae54_9630_4b9f_9af9_75f3011e3edf.jpg)
প্ৰশিক্ষণ অনুষ্ঠান সমাপন উপলক্ষে নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ সচিব জয়ন্ত শৰ্মাই অনুষ্ঠানৰ আঁত ধৰি মহিলাসকল আত্মনিৰ্ভৰশীল হ’বলৈ কেক আৰু বিস্কুট তৈয়াৰ কৰাটো এটা অতি সহজ ব্যৱস্থা আৰু ইয়াৰ বজাৰো সহজে উপলব্ধ বুলি দোহাৰি মহিলাসকলক গোট হিচাপে ব্যৱসায় কৰিবলৈ স্বেচ্চাসেৱী অনুষ্ঠানটোৱে একেৰাহে বিভিন্ন পৰামৰ্শ প্ৰদান কৰি অহা বুলি কয় ।
অনুষ্ঠানত বজালীৰ উপায়ুক্ত কাৱেৰী বৰকাকতি শৰ্মাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত স্বেচ্চাসেৱী অনুষ্ঠানটোৱে মহিলাসকলক আগুৱাই নিয়াৰ বাবে লোৱা প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু মহিলাসকলক ব্যৱসায়িক মনোভাবেৰে আগ বাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে । তেওঁ মহিলা সবলীকৰণৰ বাবে নাবাৰ্ডে পথ দেখুৱাই দিয়া বুলি উল্লেখ কৰি এই পথ মহিলাসকলে গ্ৰহণ কৰি কেৱল নিজৰ অঞ্চলতে সীমাবদ্ধ নাৰাখি বাহিৰলৈ নি আনকো উৎসাহ যোগাবলৈ বা আনৰ বাবে প্ৰৰণা হ’বলৈ আহ্বান জনায় ।
অনুষ্ঠানত নাবাৰ্ডৰ সহকাৰী সাধাৰণ প্ৰবন্ধক শ্যমল কুমাৰ দে, অসম গ্ৰামীণ বিকাশ বেংকৰ পাটাছাৰকুছি শাখাৰ প্ৰবন্ধক কল্পিতা শৰ্মা, বৰপেটা জিলাৰ লিড বেংকৰ প্ৰবন্ধক প্ৰমোদ কুমাৰ, জিলা উদ্যোগ কেন্দ্ৰৰ সম্প্ৰসাৰণ বিষয়া হৰ্ষজিৎ চৌধুৰী আৰু বৰ ভালুকী বালিপাৰা পঞ্চায়তৰ সভাপতি ভণিতা দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰাসংগিক ভাষণ প্ৰদান কৰে ।
নলবাৰী ৰুৰেল ডেভ’লপমেণ্ট এছ’চিয়েচনৰ স্বেচ্চাসেৱক-সেৱিকা ক্ৰমে সীমান্ত ভৰালী, হীৰামণি হালৈ, ডেইজী হালৈ আৰু কৃষ্ণা গোস্বামীয়ে বিশেষভাৱে সহযোগ কৰা অনুষ্ঠানটোত তিনিটা আত্মসহায়ক গোটক ঋণ ব্যৱস্থাপত্ৰৰ লগতে প্ৰশিক্ষাৰ্থী মহিলাসকলক প্ৰশিক্ষণ প্ৰাপকৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us