/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b18c0e8d-5b81-4871-b539-72f54ddaf99d/AP_FOR_WEB_OIL.jpg)
ডিজিটেল ডেস্ক: স্বাস্থ্যই পৰম সম্পদ, স্বাস্থ্যই উন্নতিৰ মূল।আমাৰ স্বাস্থ্য সুস্থ-সৱল কৰি ৰখাৰ মূল কুজ-কাৱাজ পাকঘৰতে আৰম্ভ হয়।সেয়ে পাকঘৰৰ কোঠাটো এখন ঘৰৰ বাবে অতি বিশেষ হিচাপে বিবেচিত হয়।ঘৰখনৰ প্ৰতিজন সদস্যৰ পছন্দৰ তালিকা অনুসৰি খাদ্য তৈয়াৰ কৰিবলৈ পাকঘৰতে সকলো লাগতীয়াল খাদ্য সামগ্ৰীসমূহ ৰখা হয়।কিন্তু দৈনন্দিন ৰন্ধনৰ সময়ত পাকঘৰৰ ব্যৱহৃত সামগ্ৰীসমূহ স্বাস্থ্যৰ বাবে প্ৰকৃততে কিমান উপকাৰী আপুনি জানেনে? পাকঘৰত আপুনি এনে কিছুমান খাদ্য সামগ্ৰীক অগ্ৰাধিকাৰ দি আছে যিয়ে আপোনাক মৃত্যুক মূখলৈহে ঠেলি দি আছে।মানুহৰ জীৱনশৈলীৰ বাবে অতি মাৰাত্মক এনে কেইবিধমান খাদ্য সামগ্ৰী হৈছে-
চেনী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/db277c55-ed1a-4d1f-8fde-3c3c81be862a/sugar.webp)
প্ৰতিটো পাকঘৰতে বিশেষ গুৰুত্ব লাভ কৰা এবিধ খাদ্য সামগ্ৰী হৈছে চেনী।কিন্তু অত্যাধিক চেনী গ্ৰহণ কৰাৰ ফলত শৰীৰত লাহে লাহে ইনচুলিনৰ ভাৰসাম্যহীনতা হ'ব পাৰে।যাৰ ফলত ডায়েবেটিচৰ দৰে ভয়াৱহ ৰোগ হ'ব পাৰে। এক অধ্যয়ন অনুসৰি, অত্যাধিক পৰিশোধিত চেনী গ্ৰহণ কৰাৰ ফলত মেদবহুলতা, প্ৰদাহ আৰু হৃদযন্ত্ৰৰ সমস্যাও হ'ব পাৰে। আমেৰিকান হাৰ্ট এছ'চিয়েচন তথ্য অনুসৰি, পুৰুষসকলে প্ৰতিদিনে সৰ্বাধিক ১৫০ কেলৰি আৰু মহিলাই প্ৰতিদিনে প্ৰায় ১০০ কেলৰি চেনী গ্ৰহণ কৰিব লাগে।
নিমখ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2bbc1750-7bb1-4c25-9d6b-dcd2b521f088/salt.webp)
নিমখ অবিহনে আমাৰ দৈনন্দিন আহাৰ কল্পনা কৰাটোও অসম্ভৱ। দালিৰ পৰা ভাজিলৈকে, ভজা লঘু আহাৰৰ পৰা স্বাস্থ্যকৰ চুপলৈকে, নিমখ হৈছে দৈনন্দিন ৰন্ধনৰ এক অত্যাৱশ্যকীয় উপাদান। কিন্তু এই অবিচ্ছেদ্য উপাদানটো অতিৰিক্ত পৰিমাণে খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ'ব পাৰে।নিমখত ছ'ডিয়াম থাকে আৰু নিমখে ৰক্তচাপৰ স্তৰ বৃদ্ধি কৰে, যাৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰ'কৰ তীব্ৰ আশংকাই দেখা দিয়ে।বিশেষজ্ঞসকলৰ মতে, এজন ব্যক্তিয়ে প্ৰতি সাজত ৫ মিলিগ্ৰামতকৈ কম নিমখ খাব লাগে।
Also Read: ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষাকেইটাৰ বিষয়ে জানেনে?
তেল
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9d77a314-328b-4a30-893d-bdf6a0b7f9ed/oil.webp)
তেল অবিহনে ৰন্ধা-বঢ়া কৰাটো অসম্ভৱ বুলিয়েই কব পাৰি।কিন্তু দৈনন্দিন ৰন্ধনত অত্যাধিক তেল ব্যৱহাৰ কৰিলে হৃদৰোগ, চৰ্বিযুক্ত যকৃত আৰু ষ্ট্ৰ'কৰ আশংকা বৃদ্ধি হ'ব পাৰে। অত্যাধিক ভজা আৰু তেলেতীয়া খাদ্য গ্ৰহণ কৰিলে মেদবহুলতা, উচ্চ ৰক্তচাপ আৰু উচ্চ ৰক্ত শৰ্কৰা হ'ব পাৰে। এজন ব্যক্তিয়ে প্ৰতিদিনে ৩ টেবল চামুচতকৈ বেছি তেল খোৱা নালাগে।
ময়দা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9d7729b2-113d-45fa-aaaf-af19694abf5b/maida.webp)
আমাৰ পাকঘৰবোৰত ময়দাৰ ব্যৱহাৰ অতি বেছিকৈ হোৱা দেখা যায়।ৰুটি, পুৰী,পৰঠাকে ধৰি বিভিন্ন মুচমুচীয়া খাদ্য সামগ্ৰী তৈয়াৰ কৰাৰ বাবে মদয়ায়েই আমাৰ সকলোৰে প্ৰথম পছন্দ।মুখখনক জুতি দিলেও ময়দা কিন্তু স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।কোষ্ঠকাঠিন্য, বদহজম, পেট ফুলা তথা চিলিয়াক ৰোগৰ দৰে হাজাৰটা পেটৰ সমস্যাৰ কাৰণ ময়দা। ময়দাত থকা গ্লুটেনবোৰ অন্ত্ৰৰ বেৰত লাগি থকাৰ ফলত অন্ত্ৰৰ চলাচলৰ প্ৰক্ৰিয়াত ই প্ৰভাৱিত কৰে। যাৰ ফলত পাচন আৰু অন্ত্ৰৰ ৰোগ হয়।