/asomiyapratidin/media/media_files/2024/12/19/jSqEiulnHSUMgMCm0FOJ.jpg)
ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীত বৃহস্পতিবাৰে সমষ্টি আৰু জিলা ভিত্তিক খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ কৰা হয়। মানিক সৰকাৰ হাইস্কুল খেল পথাৰত আয়োজন কৰা খেল মহাৰণৰ শুভাৰম্ভ অনুষ্ঠানত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
লগতে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপোন জ্যোতি নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি খেল মহাৰণ ২.০ ৰ শুভ উদ্ধোধন কৰে।
জিলাখনৰ মানকাচৰ বিধানসভা সমষ্টিৰ মুঠ ৩৫ খনকৈ গাঁও পঞ্চায়তৰ খেলুৱৈ সকলৰ মাজত সমষ্টি আৰু জিলা ভিত্তিক খেল মহাৰণ অনুষ্ঠিত কৰা হ’ব। স্থানপ্ৰাপ্ত খেলুৱৈ সকল ৰাজ্যিত ভিত্তিক খেল মহাৰণত অংশগ্ৰহণ কৰিব বুলি জিলা আয়ুক্ত আৰু বিধায়ক আমিনুল ইছলামে জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us