/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/texy.jpg)
ডিজিটেল ডেক্স : এইবাৰ কেৰালা চৰকাৰে মুকলি কৰিব অনলাইন টেক্সি সেৱা । মালায়ালম মাহ চিঙ্গমৰ আৰম্ভনি দিনটো অৰ্থাৎ ১৭ আগষ্টৰ পৰা মুকলি হ'ব লগীয়া এই টেক্সি সেৱাক কেৰালা চৰকাৰে "কেৰালা চাবাৰি" নামেৰে নামাকৰণ কৰিছে ।
এই টেক্সি সেৱাৰ জৰিয়তে ৰাজ্যখনৰ শ্ৰম বিভাগে ৰাজ্যখনৰ অট-টেক্সি সমূহক সংযোগ কৰি এক নিৰাপদ আৰু সুৰক্ষিত ভ্ৰমণ নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে । এই সন্দৰ্ভত কেৰালা চৰকাৰৰ শ্ৰম আৰু দক্ষতা বিকাশ মন্ত্ৰী ভি শিৱানকুট্টীয়ে কয় যে , " দেশৰ ভিতৰত এয়াই প্ৰথমখন চৰকাৰী অনলাইন টেক্সি সেৱা ।
এই সেৱাৰ জৰিয়তে বিশেষকৈ শিশু আৰু মহিলা সকল উপকৃত হ'ব । এই সেৱা কেৰালা মটৰ পৰিবহন শ্ৰমিক কল্যাণ পৰিষদ , তথ্য প্ৰযুক্তি আৰু আৰক্ষী বিভাগৰ সহযোগত প্ৰস্তুত কৰা হৈছে ।
আৰু পঢ়ক : উজনি অসমৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দায়িত্বত থকা মহাপ্ৰৱন্ধকক বদলি