উজনি অসমৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দায়িত্বত থকা মহাপ্ৰৱন্ধকক বদলি

উজনি অসমৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দায়িত্বত থকা  মহাপ্ৰৱন্ধকক বদলি

ডিজিটেল ডেস্ক: উজনি অসমৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দায়িত্বত থকা  NHIDCL ৰ মহাপ্ৰৱন্ধকক বদলি। প্ৰায় ৮ বছৰ ধৰি  জাঁজীৰ পৰা ডিমৌলেকে নিৰ্মাণ হৈ থকা এই পথটোৰ অৱস্থা একেবাৰে বেয়া। পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক অপসাৰণ কৰাৰ পাছত আৰম্ভ হোৱা নাছিল পথচোৱাৰ কাম।

অৱশেষত  NHIDCL  ৰ উজনি অসম মণ্ডলৰ মহাপ্ৰৱন্ধত জেদ এছ বিজয় কুমাৰক বদলি কৰা হয়।  অন্যহাতে নতুন মহাপ্ৰৱন্ধক হিচাপে নিযুক্তি দিয়া হয় শ্যাম সুন্দৰ চৌধুৰীক।

NHIDCL ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিগত ৮ বছৰত যোৰহাটৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ হাৰ হৈছে ২০ শতাংশ। জাঁজীৰ পৰা ডিমৌলৈকে নিৰ্মাণৰ হাৰ ৪০ শতাংশ, ডিমৌৰ পৰা মৰাণলৈ ৮০ শতাংশ।

ৰাষ্ট্ৰীয় ঘাইপথৰ কামত হোৱা বিসংগতিৰ বাবেই বদলি কৰা হয় নতুন মহা প্ৰৱন্ধক গৰাকীক লগতে নিযুক্তি দিয়া হয় নতুন এজনক। নতুন মহাপ্ৰৱন্ধক গৰাকীয়ে কয় যে অতি শীঘ্ৰই সম্পূৰ্ণ হ'ব কাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in