Advertisment

কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে : ড০ হিমন্ত বিশ্ব শৰ্মা

ভাৰতীয় জনতা পার্টিয়ে দৰিদ্ৰ, মধ্যবিত্ত আৰু মহিলা-কন্যা তথা যুৱক-যুৱতীসকলৰ বাবে কাম কৰি আহিছে। আনহাতে দিল্লীৰ আপ চৰকাৰে দিল্লীৰ এজন ভ্রষ্টাচাৰী নেতা আৰু ভ্ৰষ্ট নীতিৰ বাবে কাম কৰে।

author-image
Asomiya Pratidin
New Update
কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে : ড০ হিমন্ত বিশ্ব শৰ্মা

কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে : ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, দিল্লী : "ভাৰতীয় জনতা পার্টিয়ে দৰিদ্ৰ, মধ্যবিত্ত আৰু মহিলা-কন্যা তথা যুৱক-যুৱতীসকলৰ বাবে কাম কৰি আহিছে। আনহাতে দিল্লীৰ আপ চৰকাৰে দিল্লীৰ এজন ভ্রষ্টাচাৰী নেতা আৰু ভ্ৰষ্ট নীতিৰ বাবে কাম কৰে।"- এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

Advertisment

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ একেবাৰে প্ৰাক-মুহূৰ্তত দেওবাৰে চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিজেপিৰ তাৰকা প্ৰচাৰক তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। দেওবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ গোকুলপুৰ, বাবৰপুৰ, আদর্শ নগৰ আৰু ছকুৰবস্তি বিধানসভা সমষ্টিত নির্বাচনী প্রচাৰত অংশ লৈ বিশাল জনসভা সম্বোধন কৰে। 

কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে : ড০ হিমন্ত বিশ্ব শৰ্মা
কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে : ড০ হিমন্ত বিশ্ব শৰ্মা

 

অৰবিন্দ কেজৰিৱালৰ হিন্দু সংস্কৃতিৰ বিষয়ত অকণো জ্ঞান নাই। যমুনা নদীৰ বিতৰ্কৰ প্ৰসংগ টানি হিন্দু সংস্কৃতিত এয়া কেতিয়াও সম্ভৱ নহয় যে হাৰিয়ানাত থকা ডাঙৰ ককায়েকে দিল্লীত থকা সৰু ভাইক বিহ মিহলাই দিব পাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে বক্তব্যত প্রকাশ কৰে। 

কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে : ড০ হিমন্ত বিশ্ব শৰ্মা
কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে : ড০ হিমন্ত বিশ্ব শৰ্মা

 

বিগত দহ বছৰে অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক কেৱল মোহল্লা ক্লিনিকৰ বিষয়ে সপোন দেখুৱাই আহিছে, আনহাতে মোদী ডাঙৰীয়াই অসমৰ প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়ৰ ভেটি স্থাপন কৰি উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি দিল্লী চৰকাৰক কটাক্ষ কৰে। ড° শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপিয়ে প্রতিখন ৰাজ্যতে ৰাইজক দিয়া প্রতিটো নির্বাচনী প্রতিশ্রুতি পূর্ণ কৰি আহিছে। 

আজি পুনৰবাৰ দিল্লী চৰকাৰক অসমৰ উন্নয়নী যাত্ৰাৰ বিপৰীতে দিল্লীৰ স্থৱিৰ হৈ পৰা উন্নয়নৰ কথাক লৈ মুখ্যমন্ত্ৰীয়ে দিল্লী চৰকাৰক সমালোচনা কৰে। দিল্লীৰ জনসাধাৰণক ভাৰতীয় জনতা পার্টিক বিশাল ভোটৰ ব্যৱধানত বিজয়ী কৰাই এখন নতুনকৈ বিকাশৰ দিল্লী নিৰ্মাণত একোজন অংশীদাৰ হ'বলৈ আহ্বান জনায় ড০ শৰ্মাই।

arvinda kejriwal Dr. Himanta Biswa Sarma aap