জেলত কেজৰিৱালে কি খাব, কি নাখাবঃ আজি আদালতত শুনানি...

জেলত কেজৰিৱালে কি খাব, কি নাখাবঃ আজি আদালতত শুনানি...

author-image
Asomiya Pratidin
New Update
জেলত কেজৰিৱালে কি খাব, কি নাখাবঃ আজি আদালতত শুনানি...

ডিজিটেল ডেস্কঃ সুৰানীতি কেলেংকাৰী গোচৰত তিহাৰ জেলত বন্দী হৈ থকা দিল্লী মুখ্যমন্ত্ৰীৰ জেলত থকা সময়ত খাদ্যৰ তালিকা আৰু ডায়েটক লৈ আজি ন্যায়ালয়ে গ্ৰহণ কৰিব বিশেষ শুনানি। ছুগাৰৰ আক্ৰান্ত দিল্লী মুখ্যমন্ত্ৰীগৰাকীৰ ডায়েটক লৈ শেহতীয়াকৈ তেওঁৰ অধিবক্তাই এখন আবেদন দাখিল কৰিছিল।

অধিবক্তাৰ অভিযোগ আছিল যে, কেজৰিৱালে জেলত থকা সময়ত কোনো উপযুক্ত ডায়েট পালন কৰি খাদ্য গ্ৰহণ কৰা নাই। যাব বাবে তেওঁৰ ছুগাৰৰ লেবেল অতিপাত বৃদ্ধি পাইছে। এই সন্দৰ্ভত জেল কৰ্তৃপক্ষই কাণ্ডজ্ঞানহীন মনোভাৱ পোষণ কৰিছে বুলিও অভিযোগ কৰিছিল অধিবক্তাই। ইয়াৰ পিছতে আজি আদালতে এই বিষয়টোৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২১মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে।

ইফালে আজি কেজৰিৱাল জামিন আবেদনক লৈও শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে। অভিষেক চৌধুৰী নামৰ এগৰাকী আইন শিক্ষাৰ্থীৰ এখন আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে।

Also Read: আজি মণিপুৰত পুনৰ ভোটগ্ৰহণ...

অৰবিন্দ কেজৰিৱাল