আজি মণিপুৰত পুনৰ ভোটগ্ৰহণ...

আজি মণিপুৰত পুনৰ ভোটগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
আজি মণিপুৰত পুনৰ ভোটগ্ৰহণ...

ডিজিটেল ডেস্কঃ আজি মণিপুৰত পুনৰ অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মণিপুৰত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে ৰাজ্যখনৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্যখনৰ নিৰ্বাচন আয়োগে আজি পুনৰ ১১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।

Advertisment

বৰ্তমানলৈকে কেউতা সমষ্টিতে সুচাৰুৰূপে সম্পন্ন হৈছে ভোটদান প্ৰক্ৰিয়া। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ থকাৰ মাজতে দুপৰীয়াভাগত ইম্ফলৰ খংমান জিলাত দুৰ্বৃত্তই হঠাতে গুলীয়াগুলি আৰম্ভ কৰি জনতাৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।  ইফালে, মণিপুৰৰ মইৰাং বিধানসভা খণ্ডৰ থামানপোকপিৰ এটা ভোটকেন্দ্ৰৰ সমীপতো দুৰ্বৃত্তৰ এটা দলে কেইবা ৰাউণ্ড গুলী চালনা কৰিছিল। এনেবোৰ বিক্ষিপ্ত ঘটনাৰ বাবে কেইবাটাও ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া ব্যাহত হৈছিল।

মণিপুৰ