দেওবাৰে ১২বজাত আপৰ সাংসদ-বিধায়কসকলক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব অৰবিন্দ কেজৰিৱাল...

অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ কৰাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেল সম্বোধন কৰি তীব্ৰ কটাক্ষ কৰে শাসকীয় বিজেপি দল তথা চৰকাৰক। বিজেপিক প্ৰত্যাহ্বান জনাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি অৰবিন্দ কেজৰিৱালে কয় যে- কাইলৈ(১৯মে,২০২৪)আপৰ নেতা-কৰ্মীসকলক লগত লৈ আমি বিজেপিৰ কাৰ্যালয়লৈ যাম। আপোনালোকে যাক গ্ৰেপ্তাৰ কৰিব বিচাৰে তাৰ পৰাই গ্ৰেপ্তাৰ কৰি লব।‘ দিনৰ ১২বজাত দিল্লীস্থিতি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ কথা সংবাদমেলত ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে।

author-image
Asomiya Pratidin
New Update
দেওবাৰে ১২বজাত আপৰ সাংসদ-বিধায়কসকলক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব অৰবিন্দ কেজৰিৱাল...

ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ কৰাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেল সম্বোধন কৰি তীব্ৰ কটাক্ষ কৰে শাসকীয় বিজেপি দল তথা চৰকাৰক। বিজেপিক প্ৰত্যাহ্বান জনাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি  অৰবিন্দ কেজৰিৱালে কয় যে- কাইলৈ(১৯মে,২০২৪)আপৰ নেতা-কৰ্মীসকলক লগত লৈ আমি বিজেপিৰ কাৰ্যালয়লৈ যাম। আপোনালোকে যাক গ্ৰেপ্তাৰ কৰিব বিচাৰে তাৰ পৰাই গ্ৰেপ্তাৰ কৰি লব।‘ দিনৰ ১২বজাত দিল্লীস্থিতি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ কথা সংবাদমেলত ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে।

Advertisment

সংবাদমেলত জনতাক উদ্দেশ্যি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- আপোনালোক দেখিছে বিজেপিয়ে কি পৰ্যায়ত আমাৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হৈছে। এজনৰ পাছত আনজনক জেইলত ভৰোৱাৰ পৰিকল্পনা ৰচিছে বিজেপিয়ে। বিজেপিয়ে মোৰ লগতে মনীষ চিচডিয়া,সত্যেন্দ্ৰ জৈন, সঞ্জয় সিঙক জেইলত ভৰোৱাৰ পাছত মোৰ ব্যক্তিগত সহায়ককো জেইলত ভৰালে। কেৱল এয়াই নহয় আমাৰ সকলো নেতাক জেইলত ভৰোৱাৰ কুটিল পৰিকল্পনা ৰচিছে বিজেপিয়ে। সেয়েহে মই দলৰ নেতাসকলক লৈ বিজেপিৰ কাৰ্যালয়লৈ যাম আৰু তাৰ পৰাই বিজেপিয়ে যাক মন যায় গ্ৰেপ্তাৰ কৰিব পাৰিব।

বিজেপিক তীব্ৰ কটাক্ষ কৰি লগতে সংবাদমেলত কেজৰিৱালে কয়- আমাক এজনৰ পাছত আনজনক জেইলত ভৰাই যোৱাৰ কাৰন কি! আমাৰ ভুল এয়াই যে দিল্লী দুখীয়া লৰা ছোৱালীক আমি ভাল শিক্ষা দিছিলো, চৰকাৰী স্কুলবোৰ উন্নত কৰিছিলো, হস্পাতালত সকলো সুবি্ধা উপলদ্ধ কৰাইছিলো, ফ্ৰী ঔষধ আমি ৰাইজক প্ৰদান কৰিছিলো। এইবোৰ ভুলৰ বাবেই বিজেপিয়ে আমাৰ প্ৰতি এনে ব্যৱহাৰ কৰিছে।

গতিকে আমি এই ভুলবোৰ কৰা আমাৰ সকলো নেতা, বিধায়ক, সাংসদক লৈ কাইলৈ ১২বজাত বিজেপিৰ অফিচলৈ যাম। একেলগে বিজেপিয়ে যাকে মন যায়, তেওঁকেই জেলত থব পাৰিব। তেওঁলোকে ভাৱিছে যে, নেতাসকলক জেইলত থৈ তেওঁলোকে আপক ধ্বংস কৰিব পাৰিব। আম আদমী পাৰ্টি কেৱল এটা দল নহয়, ই এক বিচাৰধাৰা। যি বিচাৰধাৰা এতিয়া প্ৰতিগৰাকী ভাৰতীয়ৰ দেহত প্ৰৱাহিত।

উল্লেখ কৰা প্ৰয়োজন যে, আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক ১৩ মে'ৰ পুৱা কেজৰিৱালৰ চৰকাৰী আৱাসত প্ৰহাৰ কৰাৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰা হৈছে কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীক।

Also Read: স্বাতী মালিৱাল কাণ্ডঃ গ্ৰেপ্তাৰ অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ বিভৱ কুমাৰ...

অৰবিন্দ কেজৰিৱাল