“ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক"

“ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক"

author-image
Asomiya Pratidin
New Update
“ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক"

“ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক"

ডিজিটেল সংবাদ কাজিৰঙা: কান্দি কান্দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষতিপূৰণ প্ৰদানৰ আহ্বান কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালৰ।"ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক" এই দাবী পৰিয়ালকেইটাৰ।

Advertisment

কাজিৰঙাৰ হালধিবাৰীত ২০১৯ চনত হোৱা উচ্ছেদৰ বাবদ পাবলগীয়া ক্ষতিপূৰণ আজিও লাভ নকৰিলে ৪ টাকৈ দুৰ্ভগীয়া পৰিয়ালে। উল্লখ্যে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম সংযোজনত তেওলোকৰ ভূমি সন্নিবিষ্ট হ'ল ঠিকেই কিন্তু তাৰ বাবদ তেওঁলোকে লাভ কৰা নাই কোনো ক্ষতিপূৰণ।

আনহাতে সাচতীয়া ধনেৰে তেওলোকে সজা ঘৰখনো উচ্ছেদৰ নামত ধ্বংস হ'ল যদিও প্ৰতিশ্ৰুতি দিও আজিলৈ তাৰ বাবদ বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।একপ্ৰকাৰ নিৰুপায় হৈ পৰিছে এই পৰিয়ালকেইটা।

তেওলোকৰ অভিযোগ প্ৰশাসনৰ নিৰ্দেশমৰ্মেই তেওলোকে ঘৰ,মাটি এৰিছিল যদিও কিন্তু এতিয়া তেওলোকক প্ৰতাৰণাৰে কৰিছে চৰকাৰ-প্ৰশাসনে।বন বিভাগৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে পৰিয়ালকেইটাই।

ক্লিক কৰি পঢ়কঃ দ্বিতীয় শ্ৰীলংকা হোৱাৰ দিশে পাকিস্তান ! ভগ্ন অৰ্থনীতি, অসহায় প্ৰধানমন্ত্ৰী...

কাজিৰঙা