দ্বিতীয় শ্ৰীলংকা হোৱাৰ দিশে পাকিস্তান ! ভগ্ন অৰ্থনীতি, অসহায় প্ৰধানমন্ত্ৰী...

দ্বিতীয় শ্ৰীলংকা হোৱাৰ দিশে পাকিস্তান ! ভগ্ন অৰ্থনীতি, অসহায় প্ৰধানমন্ত্ৰী...

author-image
Asomiya Pratidin
New Update
দ্বিতীয় শ্ৰীলংকা হোৱাৰ দিশে পাকিস্তান ! ভগ্ন অৰ্থনীতি, অসহায় প্ৰধানমন্ত্ৰী...

দ্বিতীয় শ্ৰীলংকা হোৱাৰ দিশে পাকিস্তান ! ভগ্ন অৰ্থনীতি, অসহায় প্ৰধানমন্ত্ৰী...

ডিজিটেল ডেস্কঃ সম্পূৰ্ণৰূপে ধ্বংসৰ দিশে পাকিস্তানৰ অৰ্থনীতি। দ্বিতীয় শ্ৰীলংকা হোৱাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰখন। দেশখনৰ অৰ্থনীতি ইমানেই বিধ্বস্ত হৈ পৰিছে যে, পাকিস্তান চৰকাৰে দেশখনৰ চপিং মলকে ধৰি ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰি দিবলৈ বাধ্য হৈছে।

Advertisment

দেশখনৰ চৰকাৰে বিদেশী ৰাষ্ট্ৰত থকা সম্পত্তিও বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। আকাশ স্পৰ্শ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। দেশখনত বৃদ্ধি পাইছে ঋণ, শক্তিৰ মূল্য, হ্ৰাস হৈছে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ।

সমান্তৰালকৈ বৃদ্ধি পাইছে ৰাজনৈতিক অস্থিৰতা। হোৰাহোৰে নামিছে জিডিপি।প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে দেশখনত শক্তিৰ মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত শ্বপিং মল, ৰেষ্টুৰেণ্ট আদি নিশা ৮-৩০ বজাত বন্ধ কৰাৰ নিৰ্দেশ দিছে।

আনহাতে ইন্ধনৰ ব্যৱহাৰৰ ওপৰতো বিভিন্ন নীতি, নিয়ম জাৰি কৰিছে। চৰকাৰী বিভাগৰ লগতে অফিচ, কাৰ্যালয়সমূহক ৩০ শতাংশ শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

পাকিস্তানৰ কেন্দ্ৰীয় বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ডিচেম্বৰ মাহত দেশখনৰ মুঠ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ১১.৭ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ইফালে দেশখনত খাদ্যবস্তুৰ মূল্য বৃদ্ধি পোৱাৰ সমান্তৰালকৈ নাটনি হ’বলৈ ধৰিছে আটাৰ।

১৫ কেজি এটা আটাৰ বেগত ১০ টা দিনত ৩০০ টকাৰো অধিক মূল্য বৃদ্ধি হৈছে। চেনি আৰু ঘিউৰ মূল্য ৬২ শতাংশ বৃদ্ধি পাইছে। ইফালে দেশখনৰ এনে অৰ্থনৈতিক বিপৰ্যয়ে ভাৰতীয় উদ্যোগপতিলৈ বিপদ কঢ়িয়াই আনিছে।

পাকিস্তানত বহু ভাৰতীয় উগ্যোগপতিয়ে বিনিয়োগ কৰাৰ লগতে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে। দেশখনৰ বৰ্তমান দেখা দিয়া অৰ্থনৈতিক এনে বিপৰ্যয়ে এই উদ্যোগ আৰু উদ্যোগীসমূহক বিপদক পেলোৱটো নিশ্চিত।

উল্লেখ্যে যে, শেহতীয়াকৈ পাকিস্তানত যি বানপানীৰ সৃষ্টি হৈছিল সেই বানপানীয়ে পাকিস্তানৰ অৰ্থনীতিৰ ভেঁটি ভাঙি পেলাইছে। এই বানত প্ৰায় ৩৩ কোটি নাগৰিক ক্ষতিগ্ৰস্ত হৈছিল। জুনৰ পৰা অক্টোবৰ মাহলৈ বানত ককবকাই থকা পাকিস্তানে ৩০ বিলিয়ন ডলাৰতকৈ অধিক লোকচানৰ সন্মুখীন হৈছে।   

ক্লিক কৰি পঢ়কঃ বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি...

pakistan economy crisis