কাজিৰঙাত ভূমিপত্তাৰ পৰা বঞ্চিত এখন বিশেষ গাওঁ...

চিন্তিত ৭৫০ টা পৰিয়াল
কাজিৰঙাত ভূমিপত্তাৰ পৰা বঞ্চিত এখন বিশেষ গাওঁ...

ডিজিটেল সংবাদ, কাজিৰঙা : ভূমিপট্টাৰ পৰা বঞ্চিত কাজিৰঙাৰ ৭৫০ টা পৰিয়াল বসতিপ্ৰধান এখন বিশেষ গাওঁ ৷ কাজিৰঙাৰ পানবাৰী নিগমত ১৯৬৯ চনৰ পৰা বসবাস কৰি থকা অনুসুচিত জাতি আৰু অনুসুচিত জনজাতিৰ প্ৰায় ৬৫০ টা পৰিয়ালে আজিও ভূমিৰ অধিকাৰ তথা ভূমিপট্টাৰ পৰা বঞ্চিত হৈ আছে ৷

উল্লেখ্য যে ৫০ বছৰৰ পূৰ্বে বান আৰু গৰাখহনীয়াৰ কৱলত পৰি এই লোকসকল গৃহহীন হৈ পৰিছিল ৷ তাৰ পাছত তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ সিংহ দেৱ আৰু তেতিয়াৰ বিধায়ক প্ৰয়াত লক্ষেশ্বৰ দাস দেৱে প্ৰায় ১৮৮ টা পৰিয়ালক ৫০০ টকা আৰু দুই বাণ্ডল টিনপাত দি পুন:সংস্থাপন দিছিল নিগমত ৷ আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে লোকসকলে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত খাজানা আদায় দি আহিছে ৷

এতিয়া তেওলোকৰ দাবী যে ১ লাখ খিলঞ্জীয়া ভূমিপুত্ৰ পৰিয়ালক মাটিৰ ম্যাদী পট্টা প্ৰদানৰ অভিলাষী আচঁনি মিছন বসুন্ধৰাৰ জৰিয়তে তেওলোকক ভূমিপট্টা প্ৰদান কৰক চৰকাৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in