পূৰণ নহ'ল ব্ৰিটেইনৰ মহাকাশ যাত্ৰাৰ সপোন

পূৰণ নহ'ল ব্ৰিটেইনৰ মহাকাশ যাত্ৰাৰ সপোন

ডিজিটেল ডেস্ক : ব্ৰিটেইনে চৰকাৰী উদ্যোগেৰে নিৰ্মাণ কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰি আজি অভিলেখ গঢ়িবলৈ লৈছিল যদিও মূৰকত এই অভিযান ব্যৰ্থ হয় । ভাৰ্জিন অৰবিটে আজি এই কথা প্ৰকাশ কৰি কয় যে ৰকেটৰ বিজুতিৰ বাবে উপগ্ৰহটোক নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিব পৰা নহ'ল ।

দক্ষিণ-পশ্চিম ইংলেণ্ডৰ নিউকুৱে চহৰৰ উপকূলৰ সমান্তৰাল প্ৰক্ষেপণ ব্যৱস্থাৰে লাঞ্চাৰ ৱান ৰকেটেৰে স্থাপন কৰিব বিচৰা হৈছিল । উপগ্ৰহসহ ৰকেটক সংযোগ কৰা হৈছিল উন্নত ৰূপ দিয়া এখন ৭৪৭ ব'য়িং বিমানৰ লগত । ভাৰ্জিন কোম্পানীৰ এই বিশেষ বিমানখনৰ নাম দিয়া হৈছিল 'কজমিক গাৰ্ল' । বিমানখনে আটলান্টিক মহাসাগৰৰ ওপৰেদি উৰি যোৱাৰ সময়তে বিমানখনৰ পৰা ৰকেটক মহাকাশ অভিমুখে উৎখেপন কৰা হয় । কিন্তু মূৰকত ৰকেটটোৱে উপগ্ৰহক নিৰ্দিষ্ট কক্ষপথত উপনীত কৰাবগৈ নোৱাৰিলে ।

উল্লেখ্য যে, বিগত ডিছেম্বৰত ফ্ৰেন্স গিয়ানাৰ পৰা ইটালীত নিৰ্মিত ভেগা চি ৰকেটেৰে এটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল যদিও এই অভিযানো ব্যৰ্থ  হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in