/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c5c6e0a8-efa2-43c3-ab4a-b798359bf9e5/ccc.jpg)
ফাগুন নামিছেঃ ৰঙা শিমলুয়ে ৰঙিয়াল কৰিছে কাজিৰঙাক...
ডিজিটেল সংবাদ, কাজিৰঙাঃ সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰালৈ ৷বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা আৰু ফাগুনৰ আছে নিবিড় সম্পৰ্ক৷ ফাগুনে লঠঙা কৰা বিশালকাই বৃক্ষৰ মাজে মাজে তল সৰা পাত ৷ শুকাবলৈ লোৱা বননিৰ মাজত জিলিকি উঠিছে নল খাগৰি বিৰিণাৰ সেউজ ৰঙৰ বুল ৷ ওখ ওখ ঘাঁহনিৰ মাজত শিমলুৰ ৰঙা পাহিৰ এইয়া এক প্ৰকাৰ অপূৰ্ব সমাহাৰ ৷
প্ৰকৃতাৰ্থত এয়াই কাজিৰঙাৰ ফাগুনৰ ৰং ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ বাবে বন্যপ্ৰাণীৰ ওপৰি কাজিৰঙাৰ ফাগুনৰ মনোমোহা ৰূপো হৈ পৰিছে অন্যতম আকৰ্ষন ৷ কাজিৰঙাৰ সেন্দূৰীয়া একা বেকা পথেৰে আগবঢ়া জীপচি গাড়ীত উঠি দেশী বিদেশী পৰ্যটকে উপভোগ কৰিছে কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্য্যৰ আকৰ ৷ আনকথাত এয়া কাজিৰঙাৰ অন্যতম বৈশিষ্ট্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/84a82c01-55ae-477d-b122-c7724f4973c8/f0876606_83d4_4c1c_84bf_1f5c6c37617b.jpg)
প্ৰতিটো ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হোৱা প্ৰকৃতিৰ ৰঙে নতুন ৰূপত সজাই তোলে কাজিৰঙাক ৷ শীতৰ শেঁতা আভৰণ আতৰাই নতুন পোছাক পিন্ধোৱাৰ দুৰ্দান্ত হেপাহঁ ফাগুণৰ ৷ চাৰিওফালে পলাশ ,শিমলু মদাৰৰ জুই ছটিয়াই দিয়ে ৷ ফাগুণে ৰঙীণ হৈ থাকি চাৰিওফালে ছটিয়াই দিয়ে ৰং,কেৱল ৰঙীণ সফুৰা ৷
এয়া পুহ মাঘৰ পাছত প্ৰকৃতিৰ অন্যতম সৃষ্টি ফাগুণ ৷ সময়ৰ গতিত লঠঙা হৈ পৰা গছবোৰেও আন এক মনোমোহা ৰূপ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷ উদ্যানখনৰ একাবেকা পথত শিমলুৱে মেলিছে পাহি। শুকাই যোৱা ইকৰা খাগৰিৰ মাজত ওখ ওখ শিমলুৱে মেলিছে ৰূপৰ পোহাৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/66cd41f8-f607-4b0c-b3b2-d62198d1dfdd/eaac47a6_b12d_4e57_afd2_6ab76e31058a.jpg)
প্ৰকৃততে ফাগুনৰ পৰাই পৰা আৰম্ভ হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ফুলৰ বতৰ ৷ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে বন্যপ্ৰাণীৰ বিচৰণৰ দৃশ্য উপভোগ কৰিবলৈ অহা পৰ্যটকে ফুলৰ বতৰত লাভ কৰে এক নতুন মাদকতা৷
পলাশ, শিমলু, আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়াৰ ৰঙা হালধিয়া ,বেঙুনীয়া ৰঙৰ সংমিশ্ৰণে আকৰ্ষনীয় ৰূপ দিয়ে কাজিৰঙাক ৷ শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱ সংযোজন বুঢ়াচাপৰিত উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত হব ফাগুন উৎসৱ ৷
ক্লিক কৰি পঢ়কঃ ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিবলৈ খাওঁক এইসমূহ শুকান ফল