/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/035da6f4-cb77-4b5f-849b-40031a173adc/Kaziranga_Dalisa.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ ৰাজপথত বসন্তই পাতিছে ৰঙৰ মেলা । ফাগুনে লঠঙা কৰা গছ লতিকাত বসন্তই ঢালি দিলে সেউজ আভৰণ ৷ সেউজ বুলিয়া হৈ পৰা কাজিৰঙাৰ ৰাজপথৰ দুয়ো কাষৰ গছ-গছনিত এতিয়া নানা ৰঙৰ সমাহাৰে আনি দিছে অনন্য ৰূপ ৷
কাজিৰঙাৰ একাবেঁকা ৩৭ নং ৰাষ্ট্ৰীয় পথত এজাৰৰ বেঙুনীয়াৰ লগত সোণাৰুৰ হালধীয়াই সৃষ্টি কৰিছে অপৰূপ সৌন্দৰ্যৰ ৷ আকাশ ৰঙীন কৰি ফুলা কৃষ্ণচূড়াৰ পাহিয়ে পাৰি দিছে ফুলৰ দলিচা, ডাল ভৰি ফুলিছে ৰাধাচূড়া ৷
যেন শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠা এখন ৰঙীন ছবি ৷ বতাহত সৰি পৰা ৰঙা, বেঙুনীয়া, হালধীয়া ফুলৰ পাহিবোৰে মোহময় কৰি তুলিছে কাজিৰঙাৰ ধৰাতল ৷ কাজিৰঙাৰ ৰাজপথৰ মোহময়ী ৰূপে মতলিয়া কৰিছে পথচাৰীক ৷ উঠলি উঠিছে শিল্পীৰ প্ৰাণ ৷
Also Read: ৰে’ল যাত্রীৰ বাবে সুখবৰ: গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত "বন্দে ভাৰত এক্সপ্রেছ"ৰ ট্রায়েল ৰান...