/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f9cad3c3-dfd6-4572-81ac-c6595394b59b/AP_FOR_WEB_kaziranga.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বিচৰণভূমি ৷ বন্যজন্তু ,পক্ষী আদিৰ বিচৰণ ভূমি ৰাষ্ট্ৰীয় উদ্যানখন বহু প্ৰজাতিৰ সৰীসৃপৰো আৱাস ভূমি। গঁড়, হাতী, বাঘৰ পাছতে শেহতীয়াকৈ কাজিৰঙালৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে ভিন্ন প্ৰজাতিৰ কাছ ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এটুকুৰা ঠাই কাছৰ বাবে বিশেষভাৱে চৰ্চিত। নদীৰ পাৰত থকা মৰা গছৰ ডালত কাছই ৰ'দ লৈ থকাৰ বিশেষ দৃশ্যই স্বাভাৱিকতে আকৰ্ষিত কৰিছে পৰ্যটকক। যাৰ বাবে এই ঠাইখনে নাম পাইছে কাছওলোৱা বা কাছমাৰী হিচাপে। সৰু বৰ কাছবোৰৰ নান্দনিক দৃশ্যই যেন অভিভূত কৰে প্ৰতিগৰাকী পৰ্যটকক৷
উল্লেখ্য যে বৰ কাছ, ডোৰা কাছকে আদি কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে প্ৰায় ১৭ বিধ প্ৰজাতিৰ কাছ । ইয়াৰে ১৩ বিধ প্ৰজাতি দুষ্প্ৰাপ্য। অসমত যিমান প্ৰজাতিৰ কাছ পোৱা যায় তাৰ সৰ্বাধিক কাছ পোৱা যায় কাজিৰঙাত। আনহাতে ভাৰতত উপলব্ধ ২৯ বিধ প্ৰজাতিৰ কাছৰ ভিতৰত কেৱল উত্তৰ পূৰ্বাঞ্চলতে ২১ বিধ প্ৰজাতিৰ কাছ পোৱা যায়। তথ্য অনুসৰি কাজিৰঙাত ১৭ বিধ প্ৰজাতিৰেই কাছৰ বিচৰণ দেখা যায় ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত কাছক লৈও ইতিমধ্য কৰা হৈছে বহু গৱেষণা।
Also Read: অসমীয়া চলচ্চিত্ৰ জগতলৈ সুনাম কঢ়িয়াই "মেড ইন নলবাৰী"য়ে জিনিলে বিশেষ সন্মান...