কাজিৰঙাত ৰক্ষকেই লৈছে ভক্ষকৰ ভূমিকা

দুষ্প্ৰাপ্য পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত থকা কাজিৰঙা বন বিভাগৰ ৩ জনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত ৰক্ষকেই লৈছে ভক্ষকৰ ভূমিকা

কাজিৰঙা বন বিভাগৰ ৩ জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত ৰক্ষকেই লৈছে ভক্ষকৰ ভূমিকা ৷ গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ সতে স্বয়ং কাজিৰঙাৰ বিভিন্ন গৰাকী জড়িত থকাৰ প্ৰমাণ হোৱাৰ পাছত এইবাৰ দুষ্প্ৰাপ্য পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত হৈছে স্বয়ং কাজিৰঙা বন বিভাগৰ লোক ৷

Advertisment

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰকাৰী হাতী মাউত হিচাপে কহঁৰা বনাঞ্চলত কৰ্মৰত ৩ যুৱকে এই দুষ্প্ৰাপ্য পিপলি চেং সৰবৰাহ কৰোঁতে হাতেলোটে ধৰা পৰে ৷ ইয়াৰ পাছতেই বন বিভাগে নিজৰ বিভাগৰে হাতী মাউত পৰিমল পাত্ৰ, ৰঞ্জিত প্ৰধান আৰু চনু ঘাটোৱাল নামৰ তিনিও জনক গ্ৰেপ্তাৰ কৰে ৷

কহঁৰা বনাঞ্চলৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈয়ে কয় যে পিপলি চেং সৰবৰাহ সম্বন্ধীয় তথ্য এটা গোপন সূত্ৰৰ পৰা সন্ধান পাইছিল কাজিৰঙা বন বিভাগে ৷ লগে লগে পৰিকল্পনা কৰা হয় আৰু সেইমতেই পিপলি চেঙখিনি দিবলৈ আহোঁতে বন বিভাগৰ কৰ্মী পৰিমল পাত্ৰ, ৰঞ্জিত প্ৰধান আৰু চনু ঘাটোৱালক মিহিমুখৰ পৰা সোমবাৰে আটক কৰে স্বয়ং বন বিভাগেই ৷

আনহাতে, তেওঁলোকৰ পৰা ৫ টা পিপলি চেং উদ্ধাৰ কৰা হয় ৷ ইপিনে, পিপলি চেং ক্ৰয় কৰিবলৈ দুজনে মটৰ চাইকেলত আহিছিল ৷ কিন্তু, বন বিভাগৰ লোক দেখি AS 05S 6708 নম্বৰৰ মটৰ চাইকেলখন এৰি পলায়ন কৰে এই চোৰাং কাৰবাৰত জড়িত বেপাৰী কেইজনে ৷

ইপিনে, তিনিওকে মঙলবাৰে গ্ৰেপ্তাৰ কৰি বোকাখাত আদালতত হাজিৰ কৰাৰ পাছত পুনৰ সোধ-পোচৰ বাবে তিনিওকে নিজৰ জিম্মাত লৈছে বন বিভাগে ৷ আনহাতে, মটৰচাইকেলখন জব্দ কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বন বিভাগে ৷ অচিৰেই এই চোৰাং সৰবৰাহত জড়িত বাকীসকলো বন বিভাগৰ জালত পৰিব বুলি স্পষ্ট কৰিছে বন বিষয়া গগৈয়ে ৷

আৰু পঢ়কঃ দিশহাৰা অসম ! পৰ্বতসম স্ক'ৰৰ দিশে তামিলনাডু....

assam kaziranga national park