/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0c81d71c-79e3-41ab-aaf3-f603eb52c303/AP_FOR_WEB_kaziranga.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ অন্যতম স্পৰ্শকাতৰ কাঞ্চনজুৰি এনিমেল কৰিডৰত নিষ্ক্ৰিয় চেন্সৰ কেমেৰা। ৰহস্যজনকভাৱে বন বিভাগে এনিমেল কৰিডৰত বৰ্তমান পৰ্যন্ত পুনৰ সংস্থাপন নকৰিলে চেন্সৰ কেমেৰাসমূহ। বন বিভাগৰ এই কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰিছে কাজিৰঙাৰ স্থানীয় সচেতন ব্যক্তিয়ে।
উল্লেখ্য যে, বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৬টাকৈ এনিমেল কৰিডৰত ২০১৮ চনত সংস্থাপন কৰা হৈছিল এই চেন্সৰ কেমেৰাসমূহ। কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৯ টাকৈ এনিমেল কৰিডৰত গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কি.মি কৰাৰ অৰ্থে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল। চেন্সৰ কেমেৰাসমূহ Automatic Number Plate Recognizing (ANPR) হোৱাৰ বাবে গাড়ীৰ নম্বাৰ প্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমণা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
যাৰ বাবে কাজিৰঙাত বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল গাড়ীৰ গতিবেগ। বিগত এপ্ৰিল মাহৰ পৰা মেৰামতিৰ অভাৱত নিষ্ক্ৰিয় হৈ থকা কেমেৰাসমূহ শেহতীয়াকৈ পুনৰ সংস্থাপন কৰা হৈছিল। যি সময়ত কাজিৰঙাৰ অন্য ৫ টা এনিমেল কৰিডৰত চেন্সৰ কেমেৰা মেৰামতি কৰি পুনৰ সংস্থাপন কৰা হ'ল সেই সময়ত কিন্তু আজিলৈ পুনৰ সংস্থাপন নহল কাঞ্চনজুৰি এনিমেল কৰিডৰৰ কেমেৰাসমূহ। সৰ্বাধিক বন্যপ্ৰাণী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ যোৱা এই এনিমেল কৰিডৰত একাংশ প্ৰভাৱশালী ব্যক্তিৰ সম্পত্তি থকাৰ বাবই বন বিভাগে কেমেৰাসমূহ সংস্থাপন কৰাৰ পৰা বিৰত আছে বুলি অভিযোগ কৰিছে কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ প্ৰতিনিধিয়ে।
Also Read: মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ডঃ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us