সচিব মুস্তাফিজুল হ'কৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ হিমা দাসৰ!

অসমীয়া প্ৰতিদিন ডিজিটেলত বাতৰি প্ৰকাশৰ পাছত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিক্ৰিয়া

author-image
Asomiya Pratidin
New Update
সচিব মুস্তাফিজুল হ'কৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ হিমা দাসৰ!

ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ বাপুজী হাইস্কুলৰ শিক্ষক মুস্তাফিজুল হ'কক আটক কৰে জিনজিয়া আৰক্ষীয়ে৷ বিদ্যালয়খনৰ কস্তুৰবা গান্ধী ছাত্ৰী নিবাসৰ পৰিচালিকা হিমা দাসে মুস্তাফিজুল হ'কৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ হোষ্টেল পৰিচালনা সমিতিৰ সচিব মুস্তাফিজুল হ'কে নিশা ছাত্ৰী নিবাসৰ কোঠাত বিনা অনুমতিত প্ৰৱেশ কৰি হিমা দাসক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ তৰিছে৷

Advertisment

পৰিচালিকা হিমা দাসক কৰ্তব্যত বাধা দি হোষ্টেলখনত মইমতালি চলোৱাৰ অভিযোগ মুস্তাফিজুলৰ বিৰুদ্ধে ৷ নিশা আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰে মুস্তাফিজুল হ'কক ৷

আনহাতে হোষ্টেল পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি হিমা দাসে ছাত্ৰী নিবাসৰ ছাত্ৰীসকলক বেয়া ব্যৱহাৰ কৰিছিল। লগতে জিনজিয়াৰ এখন বিদ্যালয়ত কম্পিউটাৰ শিক্ষক হিচাবে কৰ্মৰত হৈ থকাৰ পৰিপেক্ষিতত হোষ্টেলত সময় দিব নোৱাৰাৰ বাবে পৰিচালনা সমিতিয়ে ১৭ মে'ত হিমা দাসক অৱ্যাহতি দিছিল। সেইবাবেই হিমা দাসে আক্ৰোশমুলকভাৱে সচিব মুস্তাফিজুল হ'কৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ আনিছে ৷

ইফালে মুস্তাফিজুল হ'কক আৰক্ষীয়ে আটক কৰাৰ পিছতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে গৈ থানাৰ পৰা মুকলি কৰি দিবলৈ দাবী জনায়৷

Also Read: ২৮জুনত ইৰাণৰ ৰাষ্ট্রপতি নির্বাচন...

bihali