২৮জুনত ইৰাণৰ ৰাষ্ট্রপতি নির্বাচন...

২৮জুনত ইৰাণৰ ৰাষ্ট্রপতি নির্বাচন...

ডিজিটেল ডেস্কঃ অহা ২৮ জুনত ইৰাণৰ ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ'ব। বৰ্তমান দেশখনত উপ ৰাষ্ট্ৰপতি মহম্মদ মকবেৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হৈ আছে। ইৰাণৰ সংবিধান অনুসৰি অন্তৱর্তী ৰাষ্ট্রপতিগৰাকীয়ে সর্বাধিক ৫০ দিনৰ ভিতৰত এগৰাকী নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্রয়োজনীয় কার্যব্যবস্থা গ্রহণ কৰিব লাগে।

উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্রপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ বিচৰা প্ৰাৰ্থীসকলৰ পঞ্জীয়ন অহা ৩০ মে'ৰ পৰা ৩ জুনৰ ভিতৰত সম্পন্ন হ'ব। আনহাতে, নির্বাচনী প্ৰচাৰৰ বাবে ১২ জুনৰ পৰা ২৭ জুনৰ ভিতৰত সময় ধার্য কৰা হৈছে।

দেশখনৰ অন্তৱর্তী ৰাষ্ট্রপতি মহম্মদ ম'খবেৰ, ন্যায়পালিকাৰ মুৰববী গোলামহোছেইন মহছেনি-এজেই আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কোৱালিবাফৰ লগতে আইনী পৰিক্ৰমা দপ্তৰৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ ডেহকান আৰু ইৰাণৰ সাংবিধানিক পৰিষদ তথা আভ্যন্তৰীণ মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

উল্লেখযোগ্য যে এটা হেলিকপ্তাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্রপতি ইব্রাহিম ৰাইছিৰ মৃত্যু ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ শীর্ষ নেতা আয়াতুল্লা আলী খামেনিয়ে উপ-ৰাষ্ট্রপতি মহম্মদ ম'খবেৰক অন্তৱর্তী ৰাষ্ট্রপতি হিচাপে নিযুক্তি দিছিল।

উল্লেখ কৰা প্ৰয়োজন যে দেওবাৰে ইৰানৰ পূব আজাৰবাইনত সংঘটিত হৈছিল হেলিকপ্টাৰ দুৰ্ঘটনা। হেলিকপ্টাৰখনত থকা ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানই এক চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰি অহাৰ পাছতে ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাত মৃত্যু হয় ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ। 

২৮জুনত ইৰাণৰ ৰাষ্ট্রপতি নির্বাচন...
ডাঙৰ হ’ল বিজেপি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in