বিহালীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সচিবৰ বিৰুদ্ধে অশ্লীল ইংগিত দিয়াৰ অভিযোগ

বিহালীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সচিবৰ বিৰুদ্ধে অশ্লীল ইংগিত দিয়াৰ অভিযোগ

ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ পৰিচালনা সমিতিৰ সচিবৰ বিৰুদ্ধে অশ্লীল ইংগিত দিয়াৰ দৰে গুৰুতৰ অভিযোগ গাৰ্লছ হোষ্টেলৰ ৱাৰ্ডেনৰ৷ বিহালীৰ বালিপুখুৰীস্থিত কস্তৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসৰ পৰিচালিকা হিমা দাসে হোষ্টেল পৰিচালনা সমিতিৰ সচিব মুস্তাফিজুল হ'কৰ বিৰোদ্ধে এক এজাহাৰ দাখিল কৰিলে জিনজিয়া আৰক্ষী থানাত৷

সচিব মুস্তাফিজুল হ'কে নিশা ছাত্ৰী নিবাসৰ কোঠাত বিনা অনুমতিত প্ৰবেশ কৰি হিমা দাসক অশ্লীল ইংগিত দিয়াৰ অভিযোগ ৷ আনকি নামভৰ্তি হোৱা ছাত্ৰীতকৈ বিভাগীয় কৰ্তৃপক্ষক অধিক ছাত্ৰীৰ তথ্য প্ৰদান কৰি দীৰ্ঘদিন ধৰি ধন আত্মসাত কৰাৰ অভিযোগ মুস্তাফিজুল হ'কৰ বিৰুদ্ধে৷ পৰিচালিকা হিমা দাসক কৰ্তব্যত বাধা দি হোষ্টেলখনত মইমতালি চলোৱাৰ অভিযোগ উত্থাপন হৈছে মুস্তাফিজুলৰ বিৰুদ্ধে ৷

বিহালীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সচিবৰ বিৰুদ্ধে অশ্লীল ইংগিত দিয়াৰ অভিযোগ
ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেন্টাৰৰ "বিশ্ব প্ৰিএক্লেমছিয়া দিৱস" পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in