কাজিৰঙাৰ সঞ্চালক ড৹ সোণালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশলৈ অসম চৰকাৰৰ 'কৰ্মশ্ৰী বঁটা'

ড৹ ঘোষ বন আৰু বন্যপ্ৰাণী বিজ্ঞানত স্নাতকোত্তৰ হোৱাৰ উপৰিও ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ পৰা পৰিৱেশ আইনত স্নাতকোত্তৰ ডিপ্লোমা আৰু একেখন বিদ্যালয়ৰ পৰাই পুনৰ প্ৰণালী ব্যৱস্থাপনাৰো ডিপ্লোমা লাভ কৰিছিল

author-image
Asomiya Pratidin
New Update
05

ডিজিটেল সংবাদ, কাজিৰঙা :কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বানপানীৰ সময়ত পথত থকা বন্যপ্ৰাণীসমূহক দুর্ঘটনাক পৰা ৰক্ষা কৰাৰ বাবে মঙলবাৰে 'লোক কল্যাণ দিৱস'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ড° সোণালী ঘোষ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ উপ সঞ্চালক তথা পূৱ অসম বন্য প্ৰাণী সংমণ্ডলৰ বিষয়া, ভাৰতীয় বন সেৱাৰ অৰুণ বিঘ্নেশক অসম চৰকাৰে 'কৰ্মশ্ৰী বঁটা' প্ৰদান কৰিছে ৷

Advertisment

উল্লেখ্য যে এই একে শিতানতে গোলাঘাট জিলাৰ আয়ুক্ত পূলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু জিলা পৰিবহন বিষয়া মন্টু কুমাৰ দাসকো 'কৰ্মশ্ৰী বঁটা' প্ৰদান  কৰিছে ৷ কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে ভাৰতীয় বন সেৱাৰ ২০০০-০৩ বৰ্ষত শীৰ্ষস্থান লাভ কৰি ভাৰতীয় বন সেৱাৰ বিষয়া হিচাবে নিৰ্বাচিত হৈছিল ৷

ড৹ ঘোষ বন আৰু বন্যপ্ৰাণী বিজ্ঞানত স্নাতকোত্তৰ হোৱাৰ উপৰিও ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ পৰা পৰিৱেশ আইনত স্নাতকোত্তৰ ডিপ্লোমা আৰু একেখন বিদ্যালয়ৰ পৰাই পুনৰ প্ৰণালী ব্যৱস্থাপনাৰো ডিপ্লোমা লাভ কৰিছিল । তেওঁ ইণ্ডো-ভূটান মানাহ লেণ্ডস্কেপত বাঘৰ বাবে বাসস্থানৰ উপযুক্ততা সম্পৰ্কে ৰিম'ট-চেঞ্চিং প্ৰযুক্তিত ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল ৷

একেদৰে ভাৰতীয় বন সেৱাৰ বিষয়া অৰুণ বিঘ্নেশ ইলেক্ট্ৰনিকচ আৰু কমিউনিকেচনৰ অভিযন্তা, পক্ষী নিৰীক্ষক আৰু এজন বিশিষ্ট ফটোগ্ৰাফাৰো । দুয়োগৰাকী বিষয়ালৈ অসম চৰকাৰে কৰ্মশ্ৰী বঁটা প্ৰদান কৰাৰ বাবে কাজিৰঙাৰ বিষয়া কৰ্মচাৰী আৰু বনকৰ্মীসকলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা