ইংলেণ্ডত এটা মৌমাখিয়ে প্ৰাণ কাঢ়িলে কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয়ৰ...

কাপুৰে গাৰ্ডছ প’লো ক্লাবত প’ল’ খেলি থকাৰ সময়তে তেওঁৰ শ্বাসৰুদ্ধ অনুভৱ কৰে। লগে লগে তেওঁ খেলপথাৰৰ পৰা ওলাই আহে। ইয়াৰ পিছতে সঞ্জয় মাটিত ঢলি পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সঞ্জয়ৰ ইতিমধ্যে মৃত্যু হয়।

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
fghf

ডিজিটেল ডেস্কঃ ১২ জুনত ইংলেণ্ডত হৃদৰোগত আক্ৰান্ত হৈ কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৩ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ কেইঘণ্টামান পিছতে ভগ্নী কৰীনা কাপুৰে স্বামী ছৈফ আলী খানৰ সৈতে কৰিশ্মাৰ মুম্বাইৰ ঘৰত উপস্থিত হয়। 

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, কাপুৰে গাৰ্ডছ প’লো ক্লাবত প’ল’ খেলি থকাৰ সময়তে তেওঁৰ শ্বাসৰুদ্ধ অনুভৱ কৰে। লগে লগে তেওঁ খেলপথাৰৰ পৰা ওলাই আহে। ইয়াৰ পিছতে সঞ্জয় মাটিত ঢলি পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সঞ্জয়ৰ ইতিমধ্যে মৃত্যু হয়।

জানিব পৰা মতে, প'ল' খেলি থকা সময়ত অসাৱধানবশতঃ তেওঁৰ মুখত সোমাই যায় এটা মৌমাখি। জীৱন্ত মৌমাখিটোৱে সঞ্জয়ৰ মুখগহ্বৰৰ ভিতৰত বিন্ধাৰ ফলত তেওঁৰ উশাহ ল'ব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হয়। তাৰ পাছতে তেওঁ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে।

অভিনেতা তথা সাহিত্যিক সুহাইল ছেথে এটা পোষ্ট যোগে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি শোক প্ৰকাশ কৰিছে। এই তথ্য পোহৰলৈ অহা পাছতে বৃহস্পতিবাৰে নিশা মালাইকা অৰোৰা, অমৃতা অৰোৰা আৰু তেওঁৰ স্বামী শকীল লাডাকেও কৰিশ্মাৰ বাসগৃহত উপস্থিত হয়।

উল্লেখ্য যে, ২০০৩ চনত সঞ্জয় কাপুৰেৰে বিবাহপাশত আৱদ্ধ হৈছিল কৰিশ্মা কাপুৰ। কিন্তু ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। এই বিবাহৰ পৰা তেওঁলোকৰ দুটা সন্তান, কন্যা সমাইৰা আৰু পুত্ৰ কিয়ান। ইয়াৰ পিছত ২০১৭ চনত সঞ্জয় প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

কৰিশ্মা কাপুৰ