কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰে ইটছা, কাৰ্বি, তিৱা সাহিত্য সভাৰ বৈঠক...

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰে ইটছা, কাৰ্বি, তিৱা সাহিত্য সভাৰ বৈঠক...
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰে ইটছা, কাৰ্বি, তিৱা সাহিত্য সভাৰ বৈঠক...

ডিজিটেল সংবাদ ডিফুঃ আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ,কাৰ্বি সাহিত্য সভা, তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ ডিফু সদৰ কাৰ্যালয়ত এক আলোচনা অনুষ্ঠিত হৈ যায়। এই আলোচনাত ২০২১ চনতেই প্ৰতিশ্ৰুতি দিয়া মৰ্মে ডিফু চহৰত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ আঞ্চলিক কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে ১ এক বিঘা মাটি আৱন্টন দিয়াৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সন্মতি প্ৰদান কৰে।

ইয়াৰোপৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই দাবী কৰি অহাৰ দৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰা বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ আধাৰত কাৰ্বি মাতৃভাষাক অষ্টম শ্ৰেণীলৈ আৰু তিৱা মাতৃভাষাক পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে ষষ্ঠ অনুসূচী অঞ্চলত অৱস্থিত বিদ্যালয়সমূহৰ বাবে কাৰ্যবাহী পৰিষদৰ পৰা এক প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আলোচনাত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ উপ-সভাপতিদ্বয় বিশ্বেশ্বৰ বসুমতাৰী, চিকাৰী টিছো , কাৰ্বি সাহিত্য সভাৰ সাধাৰণ সম্পাদক জয়সিং টকবি, প্ৰাক্তন সভাপতি খৰসিং টেৰন, কাৰ্যকৰী সদস্য ছাৰসিং ইংতি,ৰামসিং তেৰাং, হৰসিং টকবি আৰু তিৱা সাহিত্য সভাৰ সভাপতি দ্বিপেন্দ্ৰ নাথ বৰদলৈ, উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ, সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতি, প্ৰাক্তন সভাপতি লালসিং মাডাৰ, পত্ৰিকা সম্পাদক জনাৰ্দন পাটৰে অংশগ্ৰহণ কৰাৰ উপৰিও এই আলোচনাৰ নেতৃত্বত আছিল কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই।

এই আলোচনাৰ অন্তত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইটছা, কাৰ্বি সাহিত্য সভা আৰু তিৱা সাহিত্য সভাৰ দাবীসমূহ মানি লোৱা আৰু জৰুৰী কাৰ্যকৰী ব্যৱস্থা লোৱাৰ বাবে সন্মতি দিয়াৰ বাবে" ইটছা "ৰ উপ -সভাপতি বিশ্বেশ্বৰ বসুমতাৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in