দীঘলীপুখুৰীত প্ৰেম নহয়, আত্মহত্যাৰ হে চেষ্টা !

দীঘলীপুখুৰীত প্ৰেম নহয়, আত্মহত্যাৰ হে চেষ্টা !
দীঘলীপুখুৰীত প্ৰেম নহয়, আত্মহত্যাৰ হে চেষ্টা !

ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে নহয় মৃত্যুৰ বাবেহে বাচি ল'লে দীঘলীপুখুৰী ! দীঘলীপুখুৰীলৈ প্ৰতিদিনেই আগমণ ঘটে বহু প্ৰেমিক যুগলৰ। দীঘলীপুখুৰীৰ পাৰতেই প্ৰেমিক যুগলে পাৰ কৰে একান্তই ব্যক্তিগত কিছু সময়।

দীঘলীপুখুৰীত থাকে কেৱল প্ৰেম। থাকে পৰিয়ালৰ সৈতে মুকলিকৈ কিছু সময় অতিবাহিত কৰাৰ সুযোগ। কিন্তু এই দীঘলীপুখুৰীতেই আত্মহত্যাৰ চেষ্টা চলালে এজন যুৱকে।

ঘটনাটো শুকুৰবাৰৰ। এজন যুৱকে হঠাৎ জাঁপি দিলে দীঘলীপুখুৰীত। উদ্দেশ্য আত্মহত্যা।

জানিব পৰা মতে আত্মহত্যাৰ বাবে চেষ্টা কৰা যুৱকজন লতাশিল থানাৰ পৰা আহিছিল। প্ৰেমত প্ৰত্যাখ্যান হোৱাৰ বাবেই দীঘলীপুখুৰীকেই আত্মহত্যাৰ স্থান হিচাপে বাচি লৈ আহি চিধাই জাঁপ দিলে দীঘলীপুখুৰীত।

অৱশ্যে সৌভাগ্যক্ৰমে সেই সময়ত দীঘলীপুখুৰী পাৰত থকা ৱাৰ মেমৰিয়েলৰ সুৰক্ষা কৰ্মীয়ে সকলো প্ৰত্যক্ষ কৰি আছিল। প্ৰেমত প্ৰত্যাখ্যান হৈ আত্মহত্যাৰ চেষ্টা কৰা যুৱকজনক লগে লগে ৱাৰ মেমৰিয়েলৰ সুৰক্ষা কৰ্মীয়ে উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে যুৱকজনক চমজি লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চিলৈ প্ৰেৰণ কৰে।

ক্লিক কৰি পঢ়কঃ শোণিতপুৰত উৰুৱাব নোৱাৰিব ড্ৰোণঃ বনভোজ খাবলৈ যোৱাৰ পূৰ্বে চাওক এই খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in