নগাঁৱত জিলা ভিত্তিত কাৰাটে প্ৰতিযোগিতা

শিক্ষাবিদ প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মা স্মৃতিত নগাঁও জিলাত কাৰাটে প্ৰতিযোগিতা ৷ অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত নগাঁও

author-image
Asomiya Pratidin
New Update
নগাঁৱত জিলা ভিত্তিত কাৰাটে প্ৰতিযোগিতা

নগাঁৱত জিলা ভিত্তিত কাৰাটে প্ৰতিযোগিতা

ডিজিটেল সংবাদ,নগাঁও : শিক্ষাবিদ প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মা স্মৃতিত নগাঁও জিলাত কাৰাটে প্ৰতিযোগিতা ৷ অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত নগাঁও কাৰাটে ডু সন্থাই আয়োজন কৰিছে এই প্ৰতিযোগিতাখনি ৷

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি ২৫ আৰু ২৬ ডিচেম্বৰত দুদিনীয়াকৈ কাৰাটে প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব ৷ সন্থাৰ সভাপতি সীমান্ত বৰা আৰু সাধাৰণ সম্পাদক প্ৰনৱ বৰ্মনে জনোৱা মতে নগাঁও গোপীনাথ দেব গোস্বামী বাৰ্নিজ্য মহাবিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পত ২৫ ডিচেম্বৰৰ পুৱা ৯ বজাৰ পৰা প্ৰতিযোগিতাখনি আৰম্ভ হ'ব ৷

কাটা আৰু কুমিটে দুয়োটা বিভাগত প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব বুলি প্ৰতিযোগিতাৰ নিয়ন্ত্ৰক লীলা বৰাই জানিবলৈ দিছে ৷ প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিযোগিসকলৰ বয়স অনুসৰি চাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু চিনিয়ৰ এই চাৰিটা শাখাত প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব ৷

২৬ ডিচেম্বৰৰ বিয়লি বঁটা বিতৰণী সভাখনি অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাখনিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী আদি উপস্থিত থাকিব ৷

আৰু পঢ়কঃ ডিব্ৰুগড়ত ৯৭৩.৩৮ কোটি টকাৰ আঁচনিৰ শিলন্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

assam nagaon