ডিব্ৰুগড়ত ৯৭৩.৩৮ কোটি টকাৰ আঁচনিৰ শিলন্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

ডিব্ৰুগড়ত ৯৭৩.৩৮ কোটি টকাৰ আঁচনিৰ শিলন্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...
ডিব্ৰুগড়ত ৯৭৩.৩৮ কোটি টকাৰ আঁচনিৰ শিলন্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

ডিজিটেল সংবাদ নামৰূপঃ এখন নতুন অসম গঢ়াৰ লক্ষ্যৰে উদ্যোগৰ চতুৰ্থ বিপ্লৱৰ বাবে নিপুণ মানৱ সম্পদ গঢ়াৰ সংকল্পৰে জনতাৰ মাজলৈ বিকাশৰ ভল্গা লৈ শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। টিংখাঙৰ কুঁৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত বিকাশৰ বাবে এটা পষেক শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ প্ৰায় ৯৭৩.৩৮ কোটি টকা ব্যয় সাপেক্ষে ২২ টা প্ৰকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন  কৰে।

অসমক‌ ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ শাৰীত উন্নীত ‌কৰাৰ লক্ষ্যৰে ৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ লৈ "বিকাশৰ বাবে এটা পষেক" শীৰ্ষক এক কায্যসূচীৰে অসমৰ ১১ খন জিলাত বিভিন্ন কায্যসূচী ৰূপায়ন কৰি আজি অন্তিম কাৰ্যসূচী হিচাপে টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । 

উক্ত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও প্ৰকল্পৰ শিলন্যাস কৰে। এই আঁচনিসমূহ হৈছে -

  • টিংখাং ৰাজগড় , লাহোৱাল , দুলীয়াজান আৰু নাহৰকটীয়া নগাঁও ৰাজহুৱা খেলপথাৰত এখনকৈ মিনি ষ্টেডিয়াম ( ৫০০৮.৬১৫ লাখ )।

  • মৰাণত অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প ( ১২৩২.১৬৪ লাখ) ।

  • ডিব্ৰুগড় , লাহোৱাল চৰকাৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু লাহোৱালৰ   ডিব্ৰুগড় পলিটেকনিকত উৎকৰ্ষতা কেন্দ্ৰৰূপে চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইনৰ উন্নীতকৰণ ( ১৫১০.৯২ লাখ)।

  • ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় চৌহদত অত্যাধুনিক আৰু বাতানুকূল প্ৰেক্ষাগৃহ( ৫০০ লাখ) ।

  • দুলিয়াজানত আই টি আই নিৰ্মাণ (৪৩২.৭২ লাখ)। ,

  • টিপাম হৈ ভাদৈ পাঁচ আলি-জয়পুৰ খুনচা পথৰ বহলীকৰণ আৰু সৰলীকৰণৰ কাম( ৫৭৯৯.৬৬ লাখ)।

  • মৰাণ-নাহৰকটীয়া পথ নিৰ্মাণ ( ৪৫৯৭৯ লাখ )।

  • মোহনাঘাটৰ পৰা ম'হমাৰী পথাৰলৈ ব্ৰহ্মপুত্ৰৰ বান্ধৰ মথাউৰিৰ ওপৰৰে পথ নিৰ্মাণ ( ১৩৪২.০৩ লাখ)।

  • ম'হমাৰী পথাৰৰ পৰা মধুপুৰলৈ পথ তথা মথাউৰি নিৰ্মাণ ( ১০৭৯.৬৯ লাখ ) ।

  • অ'কলেণ্ডৰ পৰা মাইজান চাহ বাগিচালৈ পথ তথা মথাউৰি নিৰ্মাণ ( ৯৩১.৪ লাখ )।

  • মধৱপুৰ টিপলিং পথৰ ১ কি:মি:ত ৰে'লৱে লেভেল ক্ৰছিঙ গেটত অভাৰ ব্ৰীজ( ৪৭৪৬.১৬৫ লাখ)।

  • দুলীয়াজানৰ খেৰমীয়াত AIIB ৰ অধীনত অসম বিতৰণ ব্যৱস্থা সৱলীকৰণ আৰু লোকচান হ্ৰাস আঁচনি ( ৬৫০.২ লাখ)।

  • দুলীয়াজানৰ বেলবাৰী তিনিআলিত এ আই আই বিৰ অধীনত অসম বিতৰণ ব্যৱস্থা সৱলীকৰণ আৰু লোকচান হ্ৰাস আঁচনি ( ৬৩৮ লাখ )।

  • লাহোৱালৰ জাপিসজীয়াত এই আই আই বিৰ অধীনত অসম বিতৰণ ব্যৱস্থা সৱলীকৰণ আৰু লোকচান হ্ৰাস আঁচনি ( ৫৬৮.৭ লাখ )।

  • অ'কলেণ্ড বান্ধৰ নগাঘূলিৰ পৰা ফিলন'গুৰিলৈকে বানত হোৱা ক্ষতিৰ পুনৰ্নিমাণৰ কাম( ৪৬৬৬ লাখ) ।

  • পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ বানৰ পৰা হোৱা ক্ষতিৰ পুনৰ্নিমাণৰ কাম ( ১৮৭৫ লাখ )।

  • ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ পাৰত লকাচনিৰ পৰা লিটিঙগাঁৱলৈ বানত ক্ষতিৰ পুনৰ্নিমাণৰ কাম ( ১৫৩৫ লাখ)।

  • ব্ৰহ্মপুত্ৰৰ পাৰত দিনজান আৰ্মী কেম্পৰ বাবে বান সুৰক্ষা আঁচনিৰ কাম( ১১০১৭ লাখ )।

  • অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় ( ৪০৭৭.৪০  লাখ )।  

  • টিংখাঙত লোক নিৰ্মাণ বিভাগৰ দুমহলীয়া আৰ চি চি পৰিদৰ্শন বাংলো ( ১২৮.৪২ লাখ )।

  • জলজীৱন মিছন, ডিব্ৰুগড়ৰ অধীনত  অধীনত প্ৰায় ৬৩৪২ টা কাৰ্যক্ষম ঘৰুৱা টেপ সংযোগ।

  • ২৪ খন  পাইপ পানীযোগান আঁচনিৰ ( ২৮৭১.৫৪ লাখ )।

  • ডিব্ৰুগড় জলসম্পদ বিভাগৰ প্ৰকল্প সহায়তা কেন্দ্ৰ/অতিথিশালা ( ৭৪৯ লাখ ) শুভ উদ্বোধন।

  • ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ পাৰত লকাচনিৰ পৰা টিলিং গাঁৱলৈ মথাউৰিৰ প্ৰকল্পৰ আধাৰশিলা।

অনুষ্ঠানতে বিভিএফচিএলৰ ১০-১২ মেগাৱাট চি পি পি উদ্বৃত্ত শক্তি ৰপ্তানি কৰিবলৈ বিভিএফচিএল আৰু এপিডিচিএলৰ মাজত  চুক্তিপত্ৰ স্বাক্ষৰ  হয়। এই কায্যসূচীত  মুখ্যমন্ত্ৰী আৰু বি ভি এফ চি এলৰ চিএমডি ড০ শিৱ প্ৰসাদ মহান্তি আৰু ডি(এফ) উপস্থিত থাকে।

লগতে ২৫০ কোটি টকাৰে টিংখাঙত এখন চিৰিয়াখানা নিৰ্মাণ, নাহৰকটীয়াৰ টিপামত ৰাজ্য চৰকাৰৰ  কেন্দ্ৰীয়ভাৱে মে-ডাম-মেফি আয়োজন, ডিব্ৰুগড়ৰ ৬ হাজাৰ পৰিয়ালক নতুনকৈ অৰোণোদয় আঁচনিত অন্তৰ্ভুক্ত, নতুনকৈ ৫ হাজাৰ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান আৰু এই কাৰ্ডৰ হিতাধিকাৰীক বছৰি  ৫ লাখ টকা  চিকিৎসাৰ প্ৰদান, আৰু অসমৰ প্ৰতিখন হাইস্কুল আৰু হায়াৰচেকেণ্ডাৰী স্কুলৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত প্ৰথমে ডিব্ৰুগড় জিলাৰ ইতিবৃত্ত সন্দৰ্ভত কয়- আহোম আৰু চুতীয়াসকলৰ যুদ্ধৰ সময়ত ‘ডিবৰু মুখত থকা সৈনিক চাউনীৰ পৰাই ডিব্ৰুগড় নামৰ উৎপত্তি বুলি জনা যায়। চহৰখন ১৮৪০ চনৰ আৰম্ভণিতে ডিব্ৰু নদীৰ পাৰত স্থাপন কৰা হৈছিল বুলি প্ৰসংগত কয়। 

ইংৰাজ শাসনৰ সময়ৰে পৰাই উজনি অসমৰ ব্যৱসায় আৰু প্ৰশাসনৰ কেন্দ্ৰ হিচাপে ডিব্ৰুগড় জিলা ঠন ধৰি উঠিছিল। ১৮৪২ চনৰে পৰাই লখিমপুৰ জিলাৰ সদৰ আছিল আৰু ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে ডিব্ৰুগড় মহকুমাক জিলা হিচাপে স্বীকৃতি দিয়া হয়।

ডিব্ৰুগড় জিলাত ৫খন চহৰ আৰু ১৩৬১ খন গাওঁ আছে৷ জিলাখনৰ ৫খন চহৰ হৈছে ডিব্ৰুগড়, চাবুৱা, নাহৰকটীয়া, দুলীয়াজান আৰু নামৰূপ ৷ অসমৰ এক গুৰুত্বপূৰ্ণ জিলা ডিব্ৰুগড় জিলা বাণিজ্যিক আৰু ঔদ্যোগিকভাৱে ৰাজ্যখনৰ এখন উন্নত জিলা।

ডিব্ৰুগড় জিলাত ৩৩৮১ বর্গ কিলোমিটাৰ মাটিকালি আছে যি হৈছে অসমৰ মুঠ এলেকাৰ ৪.৩ শতাংশ (৭৩৪৩৮ বর্গ কিলোমিটাৰ)। পৰীক্ষামূলকভাবে ১৮৩৭ চনত ডিব্ৰুগড় জিলাৰ চাবুৱাত প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল আৰু বৰ্তমান সময়ত ডিব্ৰুগড় চাহ উৎপাদনৰ প্ৰৱেশদ্বাৰ বুলিয়েই জনাজাত বুলিও মন্তব্যত কয়।

উত্তৰ-পূৱ ভাৰতৰ সবাতোকৈ পুৰণি চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান “অসম চিকিৎসা মহাবিদ্যালয়” এই জিলাতেই অৱস্থিত। ৎসা মহাবিদ্যালয়' নামেৰে নামকৰণ কৰা হয়। চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ এই আন্তঃগাঁথনিৰ বাবেই ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত চিকিৎসা বিজ্ঞানৰ উদ্যোগ গঢ় লৈ উঠিছে।

ভাৰত চৰকাৰৰ অন্যতম তৈল উদ্যোগ ‘অইল ইণ্ডিয়া লিমিটেড' ৰ অপাৰেচনৰ মুখ্য কার্যালয় ডিব্ৰুগড় জিলাতেই অৱস্থিত। সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে প্ৰতিষ্ঠা কৰা BCPL (Brahmaputra Cracker and Polymer Limited) ডিব্ৰুগড় জিলাতেই অৱস্থিত৷

ইয়াৰোপৰি ডিব্ৰুগড় জিলাত আৰু ৮ টা সৰু-বৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ কাৰ্য্যক্ষম হৈ আছে। ইয়াৰ সমান্তৰাল ভাৱে  হব লগীয়া  উক্ত প্ৰকল্পসমূহৰ পৰা পাব পৰা লাভালাভ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্তৃত ভাবে বৰ্ণনা দিয়ে।

তেওঁ কয় যে, ষ্টেডিয়ামৰ নির্মাণে অসমত ক্ৰীড়া প্রতিভা চিনাক্ত কৰিবলৈ সহজ হ'ব আৰু এক ক্ৰীড়া কেন্দ্ৰিক উৎসাহিত পৰিৱেশ সৃষ্টিৰ লগতে বিশ্বত ক্রীড়া ক্ষেত্ৰত অসমৰ খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিবলৈ সক্ষম হ'ব।

জয়পুৰ টিপাম পথটোৰ নিৰ্মাণে পর্যটন উদ্যোগৰ উন্নতি সাধন কৰাৰ লগতে স্বৰ্গদেউ চাওলুং চুকাফাই স্থাপন কৰা আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী চহৰ টিপামৰ লগতে উন্নত পথসংযোগ স্থাপন কৰিব। লগতে এই অঞ্চলৰ বিভিন্ন পিকনিক স্থান সীতা কুণ্ড তথা আওহতীয়া গাওঁসমূহৰ লগতে উন্নত সংযোগ প্রদান কৰিব।

তদুপৰি ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ মাজত আন্তঃৰাজ্যিক সংযোগ স্থাপন কৰিব। 'অসম মালা' আচঁনিৰ অধীনত মৰাণ নাহৰকটীয়া পথৰ উন্নীতকৰণ প্ৰকল্পৰ লাভালাভ সন্দৰ্ভত কয়- এই পথে অৰুণাচল আৰু নগালেণ্ডৰ লগত যাত্ৰী আৰু সামগ্ৰীৰ বাবে আন্ত:ৰাজ্যিক যোগাযোগৰ এক বিকল্প পথ হিচাপে কাম কৰিব বুলি মন্তব্য কৰে।

সভাত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী , অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ক্ৰমে  ৰঞ্জিত কুমাৰ দাস , বিমল বড়া , কেশৱ মহন্ত ,  বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন , তৰংগ গগৈ , চক্ৰধৰ গগৈ , তেৰজ গোৱালা আৰু অসম পৰ্যতন নিগমৰ অধক্ষ্য ঋতুপৰ্ণ বৰুৱা এ পি এল ৰ অধ্যক্ষ বিকুল ডেকা  উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in