কপিলীৰ পাছত ভয়াৱহ ৰূপত নিশাৰী নদী, চাৰিখন পঞ্চায়তত হাহাকাৰ...

কপিলীৰ পাছত ভয়াবহ ৰূপত নিশাৰী নদী, চাৰিখন পঞ্চায়তত হাহাকাৰ...

author-image
Asomiya Pratidin
New Update
কপিলীৰ পাছত ভয়াৱহ ৰূপত নিশাৰী নদী, 
চাৰিখন পঞ্চায়তত হাহাকাৰ...

ডিজিটেল সংবাদ, কামপুৰঃ কপিলী নদীৰ পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও যদিও  আজিৰ পৰা নিশাৰি উপনৈ খনৰ তীব্ৰ বেগত জলস্তৰ বৃদ্ধি হোৱাত কামপুৰ আৰু কঠীয়াতলী মৌজালৈ শংকা নমাই আনিছে।নিজকামপুৰ , নিজ কঠীয়াতলী , নামবৰ আৰু তেতেলীসৰাৰ গাঁও পঞ্চায়ত এলেকাৰ সমূহৰ গাঁও সমূহত ত্ৰাসৰ সৃষ্টি কৰিছে ।

Advertisment

উল্লেখ্য এই বৰ্ষত হৈ যোৱা তিনিটাকৈ বানত কামপুৰৰ তেঁতেলীসৰা অঞ্চলৰ দুটাকৈ পথৰ বিস্তৰ ক্ষতিসাধন হ'ল। কামপুৰৰ কলাইখোৱাৰ পৰা বৰক'লা দলং সংযোগী ছয় কোটি টকাৰ ব্যৱহাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা পথটোৰ নৈ মুখত খহাই নিয়াৰ ফলত হুৰা হুৰে পানী বাগৰাত কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বৃহত এলেকালৈ ভাবুকি নমাই আনিছে।

কামপুৰ ৰাজহ চক্ৰৰে কামপুৰ -কঠীয়াতলী পথৰ পৰা নৈপাম সংযোগী পথচোৱাৰ ওপৰৰে পানী বাগৰাৰ লগতে পথটোৰ বহুঠাইত খহাই নিয়াত এক হাহাকাৰ ময় পৰিবেশৰ সৃষ্টি হৈছে।

Also Read: দিল্লীলৈ ৰাওনাঃ আজি সাংসদ হিচাপে শপত ল'ব কাৰাবন্দী অমৃতপাল সিঙে...

কপিলী