দিল্লীলৈ ৰাওনাঃ আজি সাংসদ হিচাপে শপত ল'ব কাৰাবন্দী অমৃতপাল সিঙে...

দিল্লীলৈ ৰাওনাঃ আজি সাংসদ হিচাপে শপত ল'ব কাৰাবন্দী অমৃতপাল সিঙে...

author-image
Asomiya Pratidin
New Update
দিল্লীলৈ ৰাওনাঃ আজি সাংসদ হিচাপে শপত ল'ব কাৰাবন্দী অমৃতপাল সিঙে...

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে আজি সাংসদ হিচাপে দিল্লীত শপত গ্ৰহণ কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈয়ে পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছিল অমৃতপালে।

Advertisment

প্ৰায় ১ লাখ ৯০হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল অমৃতপাল সিঙে। পাঞ্জাৱৰ ৱাৰিছ পঞ্জাৱ দে' ৰ মুৰব্বী অমৃতপাল সিঙে নিৰ্দলীয় হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিল। বিজয়ী হোৱাৰ পিছতে সাংসদ হিচাপে শপত গ্ৰহণ কৰাক লৈ অনিশ্চয়তা সৃষ্টি হৈছিল যদিও শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ ৰাওনা হয় অমৃতপাল।

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয কাৰাগাৰত কাৰাবন্দী হৈ আছে অমৃতপাল। ৪দিনৰ বাবে আদালতে জামিন মঞ্জুৰ কৰিছে অমৃতপাল সিঙক। দিল্লীত শপত গ্ৰহণ কৰি পাঞ্জাৱলৈ যোৱাৰ সম্ভাৱনাও আছে নেতাগৰাকীৰ। পুৱা ৪বজাতে বিশেষ IAF বিমানেৰে মোহনবাৰীৰ পৰা দিল্লীলৈ সিঙক লৈ যোৱা হয় বুলি জানিব পৰা গৈছে ।

Also Read: নিৰ্বাচনৰ ফলাফল নোলাওতেই পদত্যাগ কৰিব প্ৰধানমন্ত্ৰী ঋষি চুনাকে!

অমৃতপাল সিং