/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ebc17571-7dd4-435b-82c1-ada5ced34aa8/150.jpg)
৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ
ডিজিটেল সংবাদ, ঢকুৱাখনাঃঢকুৱাখনাৰ শৈক্ষিক ইতিহাস সমুজ্জল কৰি স্বাধীনোত্তৰ (১৮৭২) কালতে প্ৰতিষ্ঠা লাভ কৰিছিল ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ে । বৃহত্তৰ অঞ্চলটোত বিগত ১৫০ বছৰে বৰ্ণময় জ্ঞানৰ জ্যোতি বিলোৱা শিক্ষানুষ্ঠানখনৰ বৃহস্পতিবাৰে তিনি দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ১৫০ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ হয় ।
উদযাপন সমিতিয়ে জনোৱা অনুসৰি, পুৱা বিদ্যালয়ৰ চৌহদ নিকাকৰণ,বিদ্যালয়ৰ পতাকা উত্তোলন, জয়ন্তীৰ পতাকা উত্তোলনৰ পাছতে ছহীদ তৰ্পণৰ লগতে জয়ন্তী উপলক্ষে বিদ্যালয়ৰ সন্মুখৰ ৰাজপথৰ দাতি দৃষ্টি নন্দন পৰিবেশ সৃষ্টিৰে ১৫০খন পতাকা উত্তোলন কৰে ১৫০ গৰাকী বিশিষ্ট নাগৰিকে।
গৰিষ্ঠ সংখ্যক শিক্ষাব্রতী ৰাইজ, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কুল নাথ বৰুৱা, উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া,উপ সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা ,শিক্ষক শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু ৰাইজৰ উৎসাহপূৰ্ণ উপস্থিতিয়ে অনন্য মাত্ৰা প্ৰদান কৰা প্ৰথম দিনৰ অন্যতম কাৰ্যসূচী ছহীদ তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উন্মোচন কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দুৰ্গাৱতী দত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c915113a-6129-44f9-a762-6436f6ab6cb1/96a5a096_5347_4b26_908a_e6668c38c5b9.jpg)
ইয়াৰ পাছতে মংগল ধ্বনিৰ মাজত জয়ন্তীৰ মূল তোৰণ উন্মোচন কৰি ৰাইজৰ নামত উৎসৰ্গা কৰে মহকুমাধিপতি অৰিন্দম বৰুৱাই। পৰৱৰ্তী সময়ত অগণন শিক্ষাব্রতী ৰাইজ, শিক্ষক শিক্ষাৰ্থী আৰু উদযাপন সমিতিৰ কৰ্মকর্তাৰ উপস্থিতিত জয়ন্তীৰ মুকলি সভাৰ মঞ্চ আৰু প্ৰেক্ষাগৃহ উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে ।
নৱ প্ৰজন্মৰ শিশু আৰু শিক্ষাৰ্থী সকলক বিদ্যাতনিক শিক্ষাৰ লগতে মানসিক, শাৰীৰিক বিকাশ ,শৃঙ্খলিত ,নৈতিক আৰু মানৱতাবাদী শিক্ষাৰে শিক্ষিত কৰি প্ৰাথমিক পৰ্যায়ৰ পৰাই উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ় দিয়াতো সাম্প্ৰতিক সময়ৰ কাম্য বুলি মন্তব্য কৰি মননশীল বক্তব্য দাঙি ধৰে উপাধ্যক্ষ গগৈয়ে। কেৱল বিদ্যায়তনিক শিক্ষাৰে নহয় শিশু সকলক নৈতিক চৰিত্ৰ গঠনৰ দিশটো অভিভাৱক আৰু শিক্ষক সকলে যথোচিত গুৰুত্ব দিযাৰ উন্মোচক গৰাকীয়ে আহ্বান জনায়। শিক্ষাবিদ গৰাকীয়ে শিশু সকলক পৰিবেশৰ সতে পৰিচিতি কৰাই সৎ আৰু মূল্যবোধ সম্পন্ন নাগৰিক হিচাবে গঢ়ি তুলিবলৈ সকলোৰে নিজস্ব দৈনিক জীৱন যাত্ৰাত ভাল আদৰ্শ , সৎ কাৰ্যকলাপ , অমায়িক আচৰণ প্ৰকাশ পালেহে শিশু সকলে তাক অনুকৰণ কৰি নিজক চৰিত্ৰবান আৰু সৰ্বোৎকৃষ্ট মানৱ সম্পদ হিচাবে নিজকে গঢ় দিব বুলি কয়।
ইয়াৰ ব্যতিৰেকে এনেবোৰ কৰ্মসূচীৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তাই ভৱিষ্যতৰ দিনত উজুটি খাব বুলি মন্তব্য কৰি মঞ্চ আৰু প্ৰেক্ষাগৃহৰ শুভ উন্মোচন কৰাৰ পাছতেই এই মঞ্চতেই প্ৰথমখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । "বৰ্তমান সমাজ ব্যৱস্থাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাসংগিকতা" শীৰ্ষক আলোচনা চক্ৰৰ সঞ্চালনা কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক সেৱক চুতীয়াই । ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড০ কেশৱ হাজৰিকা , অৱসৰ প্ৰাপ্ত ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী ,সুলেখিকা পুষ্পা গগৈ,ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়াই আলোচক হিচাবে অংশগ্ৰহণ কৰা এই মনোজ্ঞ আলোচনা চক্ৰৰ পাছতেই বিস্তৃত অঞ্চলটোৰ ২৫ গৰাকী বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনোৱা হয়।
বিয়লি মাতৃ গোটৰ সমাৰোহত প্ৰবীণ শিক্ষাবিদ অনিমা দত্ত বৰুৱাৰ সঞ্চালনাত "প্ৰাথমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনত মাতৃ সকলৰ ভূমিকা" শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4088b5ea-86dc-4188-9522-8b145b9275d5/a74bda8e_3daf_46a2_b1b9_06ebc1e8588a.jpg)
বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষাবিদ , সুলেখিকা নৱনীতা গগৈয়ে নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি শিশুৰ মনস্তত্ব অধ্যয়ন কৰি মনোযোগ আকৰ্ষণ কৰিব পৰা শিক্ষণ শিকণ সমলৰ জৰিয়তে শিক্ষা প্ৰদানত মাতৃ সকলৰ কৰণীয়তা সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়াই ।
জয়ন্তীৰ প্ৰথম দিনটোৰ সফল উদযাপনৰ পাছতে জনাকীৰ্ণ সভা মণ্ডপত বন্তি প্ৰজ্বলন কৰি নিশালৈ সুকণ্ঠী শিল্পী ভবেন গোঁহাইৰ গীতৰ শৰাইৰে সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে।
ক্লিক কৰি পঢ়কঃশশী থাৰুৰে ক'লে- পৰাজয় গুৰুত্বপূৰ্ণ নহয়, কিন্তু...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us